ETV Bharat / state

সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তিৰে অমিত শ্বাহৰ ৰোড শ্ব’ৰ প্ৰস্তুতি - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 3:55 PM IST

AMIT SHAH ROAD SHOW GUWAHATI
জলা-কলা খাবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে

AMIT SHAH ROAD SHOW GUWAHATI : গন্তব্যস্থানলৈ যোৱাৰ বাবে বহু সময় ধৰি প্ৰখৰ ৰ’দতে চিটি বাছৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে যাত্ৰীসকলে ৷ গৃহমন্ত্ৰীৰ ৰোড শ্ব’ৰ বাবে মহানগৰীৰ ৰাজপথত নাই চিটি বাছ ৷ চিটি বাছবোৰ অন্তৰ্ধান হোৱাৰ সুযোগ লৈছে একাংশ অটো চালক, ৰিক্সা চালক আৰু মেজিক চালকে ।

জনতাক পণবন্দী কৰি অমিত শ্বাহৰ ৰোড শ্ব’ৰ প্ৰস্তুতি

গুৱাহাটী, 29 এপ্ৰিল : প্ৰধানমন্ত্ৰী মোদীৰ পিচতে জনতাক পণবন্দী কৰি গুৱাহাটী মহানগৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ৰ প্ৰস্তুতি ৷ লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচতেই তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰত উঠি-পৰি লাগিছে বিজেপি ৷ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ মহানগৰীত ৰোড শ্ব’ৰে নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰীগৰাকীয়ে ৷

কিন্তু অমিত শ্বাহৰ ৰোড শ্ব’ৰ বাবে এতিয়া পণবন্দী হৈ পৰিছে সাধাৰণ জনতা ৷ গৃহমন্ত্ৰীৰ ৰোড শ্ব’ৰ বাবে মহানগৰীৰ ৰাজপথত নাই চিটি বাছ, চেয়াৰ টেক্সি ৷ যাৰ বাবে সমস্যাত পৰিছে সাধাৰণ ৰাইজ ৷ জালুকবাৰী, মালিগাঁও, ফাঁচী বজাৰ,পল্টনবজাৰ,গণেশগুৰি, চানমাৰিকে কৰি গুৱাহাটীৰ বিভিন্ন স্থানত থকা বাছ আস্থানবোৰত যাত্ৰীসকলে নিজৰ নিজৰ গন্তব্যস্থানলৈ যোৱাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ প্ৰখৰ ৰ’দত চিটি বাছৰ বাবে ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিবলগীয়া হৈছে যাত্ৰী সকলে ৷ একাংশ যাত্ৰীয়ে জনোৱা অনুসৰি নিজৰ গন্তব্যস্থানলৈ যোৱাৰ বাবে বহু সময় ধৰি প্ৰখৰ ৰ’দতে চিটি বাছৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে ৷ মাজত এখন-দুখন চিটি বাছ আহিছে যদিও ভিৰৰ বাবে উঠিব পৰা নাই ৷ তেওঁলোকে কয় যে, চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ ৰোড শ্ব’ অনুষ্ঠিত কৰিবলৈ লৈছে, তাত আপত্তি নাই কিন্তু চৰকাৰে সৰ্বসাধাৰণ ৰাইজ যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ বাবেও গুৰুত্ব দিব লাগে ৷

আনহাতে একাংশ কলেজীয়া ছাত্ৰীয়ে কয় "কলেজলৈ অহাৰ সময়তো এঘন্টামান ৰৈহে গাড়ী পাইছো ৷ ঘৰলৈ ওভতাৰ সময়তো আধা ঘন্টা ধৰি ৰৈ আছো ৷" উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ ৰাজপথত ব্যক্তিগত 486 খন চিটি বাছ, 200 খন গ্ৰীণ বাছ তাৰ সমান্তৰালভাৱে মহানগৰীৰ বিভিন্ন স্থানৰ পৰা চলা এহেজাৰতকৈ অধিক চেয়াৰ টেক্সি অন্তৰ্ধান হৈ পৰিছে ৷ যাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৰাইজ ৷ বিশেষকৈ পুৱাৰ ভাগত নিজ নিজ কাৰ্যালয়লৈ যোৱা লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয় ৷ মহানগৰীৰ পৰা চিটি বাছবোৰ অন্তৰ্ধান হোৱাৰ সুযোগ লৈ একাংশ অটো চালক, ৰিক্সা চালকে দুগুণ ভাড়া লোৱাৰো অভিযোগ উঠিছে ৷

মহানগৰীৰ ৰাজপথত চলা চিটি বাছবোৰৰ একাংশ নিৰ্বাচনৰ বাবে এমাহ পূৰ্বে নাগালেণ্ডৰ বাবে অধিগ্ৰহণ কৰিছে, একাংশ মণিপুৰ, মেঘালয়ৰ বাবে অধিগ্ৰহণ কৰিছে ৷ তাৰ উপৰিও যিখিনি মহানগৰীৰ ৰাজপথত চলি আছিল সেই চিটি বাছসমূহৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত চলা মেজিকবোৰো অমিত শ্বাহৰ ৰোড শ্ব’ৰ বাবে অধিগ্ৰহণ কৰা বুলি চিটি বাছ মালিক সন্থাৰ এক সূত্ৰই প্ৰকাশ কৰে ৷ চিটি বাছ, গ্ৰীণ বাছ , চেয়াৰ টেক্সি অধিগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ৰোড শ্ব’ত লক্ষাধিক সমৰ্থনকাৰী গোটাই বিজেপিয়ে শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিছে ৷ ফলত সৰ্বসাধাৰণ ৰাইজে জলা-কলা খাবলগীয়া হৈছে ৷

লগতে পঢ়ক : মহানগৰীৰ মাজমজিয়াৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মেগা ৰোড শ্ব’ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.