ETV Bharat / politics

মহানগৰীৰ মাজমজিয়াৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মেগা ৰোড শ্ব’ - Lok Sabha Election 2024

Amit Shah Guwahati visit: গুৱাহাটীৰ মাজমজিয়াত অমিত শ্বাহৰ ৰোড শ্ব’লৈ ৰাজকীয় আয়োজন ৷ সন্ধিয়া ৬.১০ বজাত আৰম্ভ হ’ব ৰোড শ্ব’ ৷

home-minister-amit-shahs massive road show in guwahati campaign for party candidate bijuli kalita medhi
অমিত শ্বাহৰ মেগা ৰোড শ্ব’
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 1:08 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৯ এপ্ৰিল : গুৱাহাটীত নিৰ্বাচনী ৰণডংকা বজাবলৈ সোমবাৰে বিয়লি গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত শেষ শক্তি প্ৰয়োগ কৰিবলৈ তথা বিশেষকৈ গুৱাহাটীৰ নগৰীয়া ভোটাৰৰ ভোট লাভৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ মাজমজিয়াত দুই কিলোমিটাৰ পথব্যাপী ৰোড শ্ব’ কৰিব ।

এই ৰোড শ্ব’ যাতে ভোটাৰৰ‌ মাজত বিশেষ প্ৰভাৱ‌ পেলাব পাৰে, তাৰ বাবে বিজেপিয়ে ব্যাপক আয়োজন কৰিছে । আকৌ শাসকীয় দলৰ আৰক্ষী বাহিনীয়ে ৰোড শ্ব’ যাতে শৃংখলাবদ্ধভাৱে সম্পন্ন হয় তাৰ কোনো ক্ৰটি নকৰাকৈ নিৰপত্তা বেষ্টনী গঢ়ি তুলিছে ।

উল্লেখ্য যে, বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ে সদৰী কৰা তথ্য মতে অমিত শ্বাহ বিশেষ বিমানেৰে সন্ধিয়া ৫.৪০ বজাত গুৱাহাটীৰ বৰঝাৰত থকা বিমানকোঠত উপস্থিত হ’ব । তাৰ পাচত তেওঁ বিমানকোঠৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ হৈ কালাপাহাৰত থকা চাইকেল ফেক্টৰী তিনিআলিৰ পৰা সন্ধিয়া ৬.১০ বজাত ৰোড শ্ব’ আৰম্ভ কৰিব ।

তাৰ পৰা তেওঁ দুই কিলোমিটাৰ ৰোড শ্ব’ কৰি লালগণেশলৈ যাব । তাত ৰোড শ্ব’ শেষ কৰি তেওঁ আমিনগাঁৱত থকা গড়কাপ্তানী বিভাগৰ অতিথি গৃহত নিশা ৭.৪০ বজাত উপস্থিত হ'ব । নিশা তেওঁ তাত‌ কটাব বুলি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ে সদৰী কৰিছে ।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া দুই কিলোমিটাৰজোৰা এই ৰোড শ্ব’ত প্ৰায় লক্ষাধিক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । সেইমতে বিজেপি দলে প্ৰস্তুতি আৰম্ভ কৰিছে । এই সমগ্ৰ পথছোৱাত অমিত শ্বাহৰ বেনাৰ‌ হৰ্ডিঙেৰে সজাই তোলা দেখা গৈছে । পথৰ কাষে কাষে বিজেপিৰ বেনাৰ পোষ্টাৰ আৰি দিয়া দেখা গৈছে ।

পথৰ ঠায়ে ঠায়ে অস্থায়ী মঞ্চ সজাই তুলিছে । একপ্ৰকাৰ অমিত শ্বাহক আদৰাৰ বাবে বিজেপি দলে এক ৰাজকীয় প্ৰস্তুতি লোৱা দেখা গৈছে । ইপিনে অমিত শ্বাহৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে পথৰ দুয়োকাষে বাঁহৰ বেৰিকেড স্থাপন কৰিছে । ৫০০ মিটাৰ দূৰে দূৰে আৰক্ষী মোতায়েন কৰা দেখা গৈছে ।

পথৰ কাষৰ ওখ অট্টালিকাবোৰৰ চাদত আৰক্ষী মোতায়েন কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰস্তাৱিত ভ্ৰমণসূচী উপলক্ষে কামৰূপ মহানগৰ জিলাৰ কেতবোৰ নিৰ্দিষ্ট পথত "ন' ড্ৰোণ, ন' ফায়াৰ ক্ৰেকাৰছ আৰু ন' ফ্লাই জ'ন" হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা দণ্ডাধীশে ।

ইপিনে গুৱাহাটী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ যান বাহন আৰক্ষীয়ে । দুপৰীয়া ১২ বজাৰ পৰা নিশা ৯ বজালৈ থাকিব এই নিৰ্দেশনা । কেইবাটাও পথত বাণিজ্যিক বাহন আৰু মন্থৰ গতিৰ বাহন চলাচলতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । VIP উৰণ সেতুৰ পৰা জালুকবাৰীৰ ৰটাৰীলৈ, DG ৰোড, MG ৰোড, RKC ৰোড, AK আজাদ ৰোড, FA ৰোড, BK কাকতি ৰোডতো বাণিজ্যিক আৰু মন্থৰ গতিয় বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷

ইপিনে দুপৰীয়া 1 বজাৰ পৰা সকলো এএছটিচি আৰু ব্যক্তিগত চিটি বাছ বিমানবন্দৰৰ পৰা 17 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ ডিজি ৰোড, এম জি ৰোড, এ কে দেৱ ৰোড আৰু এ কে আজাদ ৰোডত নিয়ন্ত্ৰণ কৰা হ’ব । আনহাতে আৰ্য নগৰ উৰণ সেতুৰ ওচৰৰ বিৰুবাৰী তিনিআলীৰ পৰা এ কে আজাদ ৰোডৰ লালগণেশ তিনিআলীলৈকে দুপৰীয়া ২ বজাৰ পৰা যান-বাহনৰ চলাচল কৰিবলৈ অনুমতি দিয়া নহ'ব । অৱশ্যে জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত নাথাকে কোনো নিষেধাজ্ঞা ।

গুৱাহাটী মহানগৰীৰ এই ৰোড শ্ব’ত অমিত শ্বাসক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি ভৱেশ কলিতা, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে সংগ দিব বুলি দলীয় সূত্ৰই‌ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :

আজি মহানগৰীৰ কোনটো পথেৰে নিজৰ গন্তব্যস্থানলৈ যাব ? - Lok Sabha Election 2024

সোমবাৰে গুৱাহাটীত চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ ৰোড শ্ব’ত ভাগ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে - home minister Amit Shah road show