ETV Bharat / politics

আজি মহানগৰীৰ কোনটো পথেৰে নিজৰ গন্তব্যস্থানলৈ যাব ? - Lok Sabha Election 2024

Amit Shah road show in Guwahati : প্ৰধানমন্ত্ৰীৰ পাচত গুৱাহাটীৰ মাজমজিয়াত এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ ৷ আজি কোনটো পথেৰে নিজৰ গন্তব্যস্থানলৈ যাব পঢ়ক আমাৰ প্ৰতিবেদন ৷

home minister amit shah to takes part in a road show in guwahati on monday
অমিত শ্বাহ
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 6:55 AM IST

|

Updated : April 29, 2024 at 7:01 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, 29 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাচত গুৱাহাটীৰ মাজমজিয়াত এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ । লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ উলিওৱা এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া দুই কিলোমিটাৰজোৰা এই ৰোড শ্ব’ত প্ৰায় লক্ষাধিক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত গৃহ মন্ত্ৰীগৰাকীয়ে এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব । গুৱাহাটী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ যান-বাহন আৰক্ষীয়ে । দুপৰীয়া ১২-০০ বজাৰ পৰা নিশা ৯-০০ বজালৈ বাহাল থাকিব এই নিৰ্দেশনা ।

কেইবাটাও পথত বাণিজ্যিক বাহন আৰু মন্থৰ গতিৰ বাহন চলাচলতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । VIP উৰণ সেতুৰ পৰা জালুকবাৰীৰ ৰটাৰীলৈ, DG ৰোড, MG ৰোড, RKC ৰোড, AK আজাদ ৰোড, FA ৰোড, BK কাকতি ৰোডতো বাণিজ্যিক আৰু মন্থৰ গতিৰ বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

home minister amit shah to takes part in a road show in guwahati on monday
অমিত শ্বাহৰ ৰোড শ্ব’

ইপিনে দুপৰীয়া 1 বজাৰ পৰা সকলো এএছটিচি আৰু ব্যক্তিগত চিটি বাছ বিমানবন্দৰৰ পৰা 17 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ ডিজি ৰোড, এম জি ৰোড, এ কে দেৱ ৰোড আৰু এ কে আজাদ ৰোডত নিয়ন্ত্ৰণ কৰা হ’ব । আনহাতে, আৰ্য নগৰ উৰণ সেতুৰ ওচৰৰ বিৰুবাৰী তিনিআলীৰ পৰা এ কে আজাদ ৰোডৰ লালগণেশ তিনিআলীলৈকে দুপৰীয়া ২ বজাৰ পৰা যান-বাহনৰ চলাচল কৰিবলৈ অনুমতি দিয়া নহ'ব । জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত নাথাকে কোনো নিষেধাজ্ঞা ।

আনহাতে আজি মহানগৰীত "ন' দ্ৰোণ, ন' ফায়াৰ ক্ৰেকাৰছ আৰু ন' ফ্লাই জ'ন" ঘোষণা কৰিছে জিলা দণ্ডাধীশে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰস্তাৱিত ভ্ৰমণসূচী উপলক্ষে কামৰূপ মহানগৰ জিলাৰ কেতবোৰ নিৰ্দিষ্ট পথত "ন' দ্ৰোণ, ন' ফায়াৰ ক্ৰেকাৰছ আৰু ন' ফ্লাই জ'ন" হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা দণ্ডাধীশ সুমিত ছাত্তাৱনে । এক নিৰ্দেশ যোগে জিলা দণ্ডাধীশ গৰাকীয়ে কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা জালুকবাৰী-মালিগাঁও-চাইকেল ফেক্টৰী তিনিআলি-লাল গণেশলৈ এই সমগ্ৰ পথছোৱাত উক্ত ব্যৱস্থা বাহাল থাকিব ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পিচত অসমত শাসকীয় মিত্ৰজোঁটৰ প্ৰচাৰ তীব্ৰ হৈছে । নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আগমণ ঘটিছে বিজেপিৰ বহু শীৰ্ষ স্থানীয় নেতাৰ । তদুপৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক সভাপতি ভবেশ কলিতাকে প্ৰমুখ্য কৰি অসমৰ চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী তথা বিধায়কে তৃতীয় পর্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে ।

এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যত আৰু অধিক সক্ৰিয়তা প্ৰদান কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আজি অসমলৈ আহিব । অসমলৈ আহি গুৱাহাটী মহানগৰীৰ এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব । কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিবলগীয়া ৰোড শ্ব’ ৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিজেপি কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক : বৰষুণৰ মাজতে কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

Last Updated : April 29, 2024 at 7:01 AM IST