ETV Bharat / politics

বৰষুণৰ মাজতে কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:30 PM IST

মুষলধাৰ বৰষুণৰ মাজতে নাচি-বাগি জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই ৷ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিব লাগে আৰু অসমখনক শান্তিৰ এটা দ্বীপলৈ পৰিৱৰ্তন কৰিব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

HIMANTA BISWA SARMA
বৰষুণৰ মাজতে কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

বৰষুণৰ মাজতে কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

কোকৰাঝাৰ, ২৮ এপ্ৰিল : মুষলধাৰ বৰষুণৰ মাজতে দেওবাৰে কোকৰাঝাৰত নাচি বাগি এন ডি এ সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত দেওবাৰে অনুষ্ঠিত হোৱা এন ডি এৰ বিশাল বিজয় সংকল্প সমাৱেশত হিলদল ভাঙি ওলাই আহে সাধাৰণ জনতা ।

মূলতঃ মুখ্যমন্ত্ৰীক এবাৰ কাষৰ পৰা চাবলৈ ফকিৰাগ্ৰাম আজি লোকাৰণ্য হৈ পৰে ৷ মহিলাসকলে শংখ বজাই মুখ্যমন্ত্ৰীক বিপুল আদৰণি জনোৱাৰ পিচত বিশেষকৈ মহিলাসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ‘আকৌ এবাৰ মোদী চৰকাৰ’ গানৰ তালে তালে নাচে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ঠিক সেই সময়তেই মুষলধাৰে বৰষুণ নামি আহে যদিও মুখ্যমন্ত্ৰী তথা সাধাৰণ জনতাৰ উৎসাহ অকণো ম্লান নপৰিল ৷ বৰষুণত তিতি-বুৰি নাচি-বাগি মুখ্যমন্ত্ৰীয়ে এন ডি এ সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় আৰু প্ৰায় ৩০ মিনিট ভাষন দিয়ে ৷ সাধাৰণ জনতায়ো অতি উৎসাহেৰে মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজে মাজে জয়ধ্বনি দিয়ে ।

এনে পৰিৱেশৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ফকিৰাগ্ৰামবাসীৰ বাবে তিনিটা প্ৰতিশ্ৰুতি দিয়ে । ফকিৰাগ্ৰামত ৰে’লৱে অভাৰব্ৰীজ নিৰ্মাণ, ফকিৰাগ্ৰাম ৰে’ল ষ্টেচনত অবধ আসাম ৰে’ল ৰখোৱাৰ প্ৰতিশ্ৰুতি আৰু ফকিৰাগ্ৰামৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ লগতে গৌৰাং নদীৰ গৰাখহনীয়া ৰোধ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দি সকলোকে এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ।

‘‘কটা হাতৰ দাম নাই, নাঙলৰ কাম নাই, হাগ্ৰামাৰ ফুটবলৰ পাম নাই’’ বুলি নিজ ভাষণত মন্তব্য কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে বি পি এফৰ চৰকাৰ এতিয়া বিটিচিতো নাই, ৰাজ্যতো নাই আৰু সেয়েহে বি পি এফৰ কাম নাই । নিজৰ ভাষনত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে আজিকালি বি টি চিত বন্দুক নচলে, বোমা নুফুটে ৷ ইয়াত এতিয়া সকলো জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰিব পাৰিছে । এইটো সম্ভৱ হোৱাৰ কাৰণ হৈছে কেন্দ্ৰত নৰেন্দ্ৰ মোদী আছে, দিছপুৰত মামা আছে আৰু বি টি চিত প্ৰমোদ বড়ো আছে ।

স্থায়ী শান্তি ধৰি ৰখাৰ বাবে এন ডি এ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহ্বান জনাই নিজ ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতিৰ বন্যা বিয়পায় । সমগ্ৰ সময়খিনিত প্ৰমোদ বড়োক কাষত লৈ বৰষুণত তিতি-বুৰি নাচি-বাগি মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়াটো আজিৰ সভাৰ অন্যতম লক্ষ্যণীয় দিশ আছিল ।

ইপিনে সভাৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে ফকিৰাগ্ৰামত আজি প্ৰচণ্ড বৰষুণৰ মাজতে প্ৰায় আধাঘণ্টা ধৰি জনতাই নাচিলে, ভাষণ শুনিলে আৰু ইয়েই প্ৰমান কৰে যে ফকিৰাগ্ৰামৰ জনতাই পুণৰাই প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীকে বিচাৰিছে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আজিৰ জনসভাই প্ৰমাণ কৰিলে যে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী তিনি লাখ ভোটৰ ব্যৱধানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বিজয়ী হ’ব ।

সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত মুখ্যমন্ত্ৰীয়ে কয় যে বিৰোধী দলে আসন লাভ কৰিব বুলি কৰা দাবীৰ কোনো ভিত্তি নাই । তেওঁলোকৰ সভাত ১০ হাজাৰো জনতা উপস্থিত নাথাকে, কোনো টিভিতো নোলায় । সংখ্যালঘু জনতা বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে আৰু অহাবাৰ বেছি সংখ্যকে আকৰ্ষিত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

অসমক লৈ পৰৱৰ্তী সপোন কি বুলি সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে আলফাৰ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিব লাগে আৰু অসমখনক শান্তিৰ এটা দ্বীপলৈ পৰিবৰ্তন কৰিব লাগে । তেওঁ কয়, ‘‘মোৰ এইটো আধাৰুৱা কাম আৰু পৰৱৰ্তী সময়ত এইটো কাম সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰিম ।’’ কৰিমগঞ্জ আৰু নগাঁৱত বিৰোধীৰ পৰা প্ৰত্যাহ্বান পোৱা গৈছে যদিও যোৰহাটত কোনো বিৰোধীৰ পৰা প্ৰত্যাহ্বান নাছিল আৰু দৰং-ওদালগুৰিত বিজেপি জয়ী হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে আজিৰ সভাত বি টি টি প্ৰধান প্ৰমোদ বড়োৱে নিজৰ ভাষণত কয় যে তেওঁ জীৱনত বহু উৎসৱ দেখিছে কিন্তু ড৹ হিমন্ত বিশ্ব শৰ্মা আহিলেই যি উৎসৱময় পৰিৱেশ হয় সেয়া বিৰল । মুখ্যমন্ত্ৰীৰ বাবেই বি টি আৰত শান্তি ঘূৰি আহিল আৰু এতিয়া সকলো জাতি-জনগোষ্ঠীয়ে একতা-ভাতৃত্ববোধেৰে বি টি আৰত বসবাস কৰি আছে বুলি মন্তব্য কৰে ।

নিৰ্বাচনী প্ৰচাৰ সভাখনত অসম চৰকাৰ মন্ত্ৰী ক্ৰমে অশোক সিংহল, ৰণজিৎ দাস, উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী, বিধায়ক কৃষ্ণ কমল তাঁতী, বি টি চিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ উপৰিও বিজেপি-ইউপিপিএল আৰু অগপৰ কেবাগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক: মোৰ হাতত কোনো ছিণ্ডিকেটৰ ধন নাই, এই কথা মুখ্যমন্ত্ৰীয়ে জানে : মীৰা বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.