ETV Bharat / politics

সোমবাৰে গুৱাহাটীত চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ ৰোড শ্ব’ত ভাগ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে - home minister Amit Shah road show

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 2:33 PM IST

home minister Amit Shah to Join road show in guwahati on april 29
home minister Amit Shah to Join road show in guwahati on april 29

Amit Shah road show: 29 এপ্ৰিলত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ৷ গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশ পৰ্যন্ত দুই কিলোমিটাৰৰ এক ৰোড শ্ব'ত গৃহমন্ত্ৰীগৰাকীয়ে ভাগ ল’ব বুলি শুকুৰবাৰে জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

home minister Amit Shah to Join road show in guwahati on april 29

গুৱাহাটী, 27 এপ্ৰিল: নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যৰে 29 এপ্ৰিলত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ইতিমধ্যে ৰাজ্যত সমাপ্ত হৈছে লোকসভা নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ ৷ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যিক বিজেপিৰ । তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া চাৰিটা সমষ্টিৰ বাবে ব্যস্ততা বাঢ়িছে ভাৰতীয় জনতা পাৰ্টিৰ ।

এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বাজপেয়ী ভৱনত অনুষ্ঠিত হৈছে কেইবাখনো বৈঠক । শুকুৰবাৰৰ নিশাও মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হৈ যায় এখন বিশেষ নিৰ্বাচনী বৈঠক । এই বৈঠকত নিৰ্বাচন হ’বলগীয়া চাৰিটা সমষ্টিৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগন্তুক অসম ভ্ৰমণ সম্পৰ্কতো আলোচনা কৰা হয় ।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 29 এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব বুলি জানিবলৈ দিয়ে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ৰোড শ্ব'টো গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশ পৰ্যন্ত হ'ব বুলি জনায় । ইয়াৰোপৰি মহানগৰীৰ ট্ৰেফিক জামৰ লগতে জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ মাত্ৰ দুই কিলোমিটাৰ ৰোড শ্ব'হে হ’ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনায় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ ফলাফল সম্পৰ্কত কয়, "আমি 14 টাৰ বাবেই লাগি আছো । কিন্তু আমাৰ টাৰ্গেট 14 নহয় 11.5 হে । গুৱাহাটীত আমি 5 লাখ ভোটৰ ব্যৱধানত জয়ী হম । কিন্তু তাৰ এটা কথাও আছে । গুৱাহাটীত ভোট দিব অহা মানুহৰ সংখ্যা কম । কিন্তু যিসকলে ভোট দিব আহে বিজেপিকে দিয়ে । সেয়েহে আমি ৰোড শ্ব', সভা আদিৰ দ্বাৰা অলপ সজাগতা অভিযান চলায় আছো ৷

সমান্তৰালভাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ বিজেপিৰ সৈতে অগাধ মৰম আছে বুলি উল্লেখ কৰি দেশত এতিয়া ‘মোদী চুনামী’ চলি আছে বুলিও দাবী কৰে ৷

লগতে পঢ়ক: আজমলে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে কাম কৰে: ৰকিবুল হুছেইন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.