আজমলে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে কাম কৰে: ৰকিবুল হুছেইন - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
ৰকিবুল হুছেইনৰ ভোটদান (undefined)

By ETV Bharat Assamese Team

Published : April 26, 2024 at 6:10 PM IST

1 Min Read
Choose ETV Bharat

চামগুৰি,২৬ এপ্ৰিল: লগত পত্নী আৰু পুত্ৰক লৈ শুকুবাৰে চামগুৰি সমষ্টিৰ বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে নগাঁও জিলাৰ ১৬৫ নং কৰৈগুৰি মজলীয়া বিদ্যালয়ৰ ভোটকেন্দ্ৰত আজি ভোটাধিকাৰ সাব্যস্ত কৰে । ভোটাধিকাৰ সাব্যস্ত কৰি ভোটকেন্দ্ৰৰ বাহিৰত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত কংগ্ৰেছ দলৰ লোকসভাৰ প্ৰাৰ্থীগৰাকীয়ে ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে এইবাৰ নগাঁও সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ বিপুল ভোটত জয়ী হ'ব ।  

তেওঁ কয় যে মানুহে ইমান দিন অন্ধকাৰত থকাৰ পাচত এইবাৰ পোহৰ বিচাৰি আহি বিপুল ভাবে ভোটদান কৰিছে । আনহাতে এ আই ইউ ডি এফ দলক সমালোচনা কৰি বিধায়কগৰাকীয়ে কয় যে বদৰুদ্দিন আজমলে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে কাম কৰে । গৌৰৱ গগৈ এক সংস্কৃতিবান পৰিয়ালৰ পৰা আহিছে আৰু তেওঁ যোৰহাটৰ পৰা সাংসদ হিচাপে বিপুল ভোটত জয়ী হ'ব বুলিও ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে । 

লগতে পঢ়ক: ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি গছৰ তলতে বহিল এগৰাকী প্ৰাক্তন মন্ত্ৰী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details