হেলমেট বা ছীটবেল্ট অবিহনে প্ৰৱেশ নিষেধ, পিছে ক’ত ? - ROAD SAFETY AWARENESS
Notice from dima hasao police : ছীট বেল্ট পৰিধান নকৰিলে অথবা হেলমেট নিপিন্ধিলে প্ৰৱেশ নিষিদ্ধ এখন ঠাইত ৷ বহিঃৰাজ্য অথবা বিদেশ নহয় আমাৰ ৰাজ্যখনৰে এখন জিলাত ঘোষণা কৰা হৈছে এই নিৰ্দেশনা ৷ পিছে ক’ত ?

Published : May 17, 2024 at 7:33 AM IST
হাফলং, 17 মে’ : যান-বাহন আৰোহীৰ জীৱন সুৰক্ষাৰ কথা চিন্তা কৰি কঠোৰ হৈছে ডিমা হাছাও আৰক্ষী ৷ জিলাখনত পথ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে ডিমা হাছাও আৰক্ষীয়ে চলাইছে ব্যাপক সজাগতা অভিযান । ডিমা হাছাও জিলাত ক্ৰমাৎ পথ দুৰ্ঘটনা বৃদ্ধি হোৱাৰ পাচত ডিমা হাছাও আৰক্ষী এই সন্দৰ্ভত উদ্বিগ্ন হৈ পৰিছে ।
অসমৰ অন্যতম পাহাৰীয়া জিলাখনত পথ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । অসমৰ অন্যতম পাহাৰীয়া জিলাখনত সুৰাপান কৰি মটৰ চাইকেল আৰু চাৰিচকীয়া বাহন চলোৱাৰ বাবে দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে বুলি তথ্যত পোহৰলৈ আহিছে । সুৰাপান কৰি মটৰ চাইকেল আৰু চাৰিচকীয়া বাহন চলোৱাসকলৰ বিৰুদ্ধে এতিয়া ডিমা হাছাও আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে ।
ইতিমধ্যে 'ন’ হেলমেট ন’, ছীট বেল্ট ন’, এন্ট্ৰি ইন টু ডিমা হাছাও' সতৰ্কবাণী লিখা ব’ৰ্ড জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিভিন্ন পথৰ কাষত লগাই সতৰ্ক কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা দেখা গৈছে আৰক্ষীয়ে ৷ জিলাখনৰ বিভিন্ন স্থানত এনে ধৰণৰ ব’ৰ্ড আঁৰি দি নাগৰিকক সতৰ্ক কৰাৰ বাবে চেষ্টা গ্ৰহণ কৰা দেখা গৈছে আৰক্ষীয়ে ৷
ইয়াৰোপৰি মটৰ চাইকেলত হেলমেট নোহোৱাকৈ আৰু চাৰিচকীয়া বাহনত যিসকলে চিট বেল্ট ব্যৱহাৰ কৰা নাই সেইসকলৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে পৰিবহণ আইনৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলিও জানিব পৰা গৈছে । ইপিনে ডিমা হাছাও আৰক্ষীয়ে যিসকলে পৰিবহণ আইন মানি হেলমেট পৰিধান কৰি মটৰ চাইকেল চলাইছে তেওঁলোকক গামোচা পিন্ধাই উৎসাহিত কৰিছে আৰু যিসকলে পৰিবহণ আইন ভংগ কৰি মটৰ চাইকেল আৰু চাৰিচকীয়া বাহন চলাই আছে তেওঁলোকক সজাগ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

