PM Gati Shakti National Master Plan : সবিশেষ

author img

By

Published : Oct 14, 2021, 12:57 PM IST

PM

বুধবাৰে নতুন দিল্লীত আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি কৰা হয় । লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন সংস্থাৰ মাজত আগতীয়া পৰিকল্পনা, সমন্বয় আৰু যৌথকৰণৰ জৰিয়তে বিশ্বমানৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । এই প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন উদ্দেশ্যে আৰু লক্ষ্য কেনেধৰণৰ ?

নেশ্যনেল ডেস্ক, ১৪ অক্টোবৰ : ভাৰতৰ দুৰ্বল আন্ত:গাঁথনিৰ ক্ষেত্ৰত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ মাজত সমন্বিত প্ৰচেষ্টাৰ অভাৱৰ কথা কৈ আহিছে প্ৰধানমন্ত্ৰী মোডীয়ে । যাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে প্ৰধানমন্ত্ৰী গতিশক্তি পৰ্টেল । এই পৰ্টেলৰ মুকলিৰ লগে লগে এতিয়াৰে পৰা প্ৰতিটো বিভাগে একত্ৰিতভাৱে কাম কৰিব পাৰিব । লগতে ভাৰতৰ উন্নয়নৰ গতি আৰু দ্ৰুত কৰিব বুলি আশা কৰা হৈছে ।

চৰকাৰী সূত্ৰ অনুসৰি, প্ৰতিটো বিভাগে এককভাৱে কাম কৰি থকা বিভাগীয় পুৰণি ধাৰণাবোৰ সলনি কৰা হ'ব । বিশেষকৈ পৰিবহণ আন্ত:গাঁথনিৰ ভিতৰত থকা ঘাইপথ, ৰে'লপথ, আভ্যন্তৰীণ জলপথ, সাগৰবন্দৰ, বিমানবন্দৰ, আৰু ৱেৰহাউচ আদি ।

নতুন পদ্ধতি

বিষয়াসকলে জনোৱা মতে পৰিকল্পনাৰ পৰা আৰম্ভ কৰি পৰিবহণ প্ৰকল্পৰ কাৰ্যকৰীকৰণলৈকে সমগ্ৰ পদ্ধতিটো সকলো প্ৰাসঙ্গিক সংস্থাৰ সৈতে সমন্বয় কৰা হ'ব যাতে প্ৰতিটো সংস্থাই আন সংস্থাৰ পৰিকল্পনাৰ বিষয়ে সম্পূৰ্ণভাৱে অৱগত হ'ব পাৰে । তেওঁলোকে লগতে কয় যে ব্যৱস্থাপনা পদ্ধতিৰ পৰিৱৰ্তনে কাম কাজ অতি সহজ কৰি তুলিব লগতে প্ৰকল্পবোৰ দ্ৰুত আৰু দক্ষভাৱে সম্পাদন কৰাত সহায় কৰিব, বিলম্ব আৰু ব্যয় বৃদ্ধি পৰিহাৰ কৰিব আৰু ইয়াৰ ফলত লজিষ্টিক ব্যয় হ্ৰাস হ'ব ।

কি এই প্ৰধানমন্ত্ৰী গীতিশক্তি প্ৰকল্প ?

প্ৰধানমন্ত্ৰী গতিশক্তি প্ৰকল্পৰ কেন্দ্ৰবিন্দু হৈছে ভাস্কৰাচাৰ্য নেচনেল ইনষ্টিটিউট ফৰ স্পেচ এপ্লিকেচনচ এণ্ড জিঅ'ইনফৰ্মেটিক্স (BISAG-N)ৰ দ্বাৰা প্ৰস্তুত কৰা এখন মানচিত্ৰ য'ত প্ৰকল্পসমূহৰ প্ৰাৰম্ভিক পৰিকল্পনাৰ বাবে আন্তঃগাঁথনি আৰু সম্পদৰ মানচিত্ৰৰ ২০০ টা স্তৰ আছে । বিষয়াসকলৰ মতে, গাতিশক্তি হৈছে এক পৰিৱৰ্তনশীল, বিশ্লেষণাত্মক সঁজুলি যি সামগ্ৰিক প্ৰকল্প পৰিকল্পনাত সহায় কৰিব । প্ৰধানমন্ত্ৰী গতিশক্তি হৈছে এক ডিজিটেল মঞ্চ যিয়ে আন্তঃগাঁথনি সংযোগ প্ৰকল্পসমূহৰ একত্ৰিত পৰিকল্পনা আৰু সমন্বিত ৰূপায়ণৰ বাবে ৰে'ল আৰু পথকে ধৰি ১৬ টা মন্ত্ৰালয়ক একত্ৰিত কৰিব ।

বিষয়াসকলৰ মতে মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে য'ত বিভিন্ন অৰ্থনৈতিক ক্ষেত্ৰ আৰু তেওঁলোকক সমৰ্থন কৰাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি সংযোগবোৰ দেখুওৱা হৈছে যাৰ উদ্দেশ্য হৈছে সকলো মাল্টিমডেল সংযোগ প্ৰকল্পক সামগ্ৰিকভাৱে একত্ৰিত কৰা । এই অনুশীলনৰ উদ্দেশ্য হৈছে জনসাধাৰণ,সামগ্ৰী আৰু সেৱাৰ মাজত থকা ব্যৱধান হ্ৰাস কৰা । ই সমগ্ৰ দেশৰ বিভিন্ন অৰ্থনৈতিক ক্ষেত্ৰ, আন্তঃগাঁথনি আৰু উপযোগিতাৰ সম্পূৰ্ণ সময়সীমাৰ ওপৰত আধাৰিত কৰি মুখ্য স্তৰৰ সৈতে আন্তঃগাঁথনি বিকাশৰ এক সম্পূৰ্ণ ছবি প্ৰদান কৰিব ।

শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ

চৰকাৰে ২০০তকৈ অধিক স্তৰৰ আন্ত:গাঁথনিৰ প্ৰমাণিকৰণৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ জিআইএছ-আধাৰিত এণ্টাৰপ্ৰাইজ সম্পদ পৰিকল্পনা প্ৰণালীৰ দৰে অত্যাধুনিক প্ৰযুক্তি আৰু শেহতীয়া প্ৰযুক্তি ব্যৱহাৰৰ পৰিকল্পনা কৰিছে । এই সঁজুলিবোৰৰ ভিতৰত আছে পথ পৰিকল্পনাৰ বাবে পৰিকল্পনা সঁজুলি আৰু অন্যান্য সঁজুলি । যিবোৰে ভূমি অধিগ্ৰহণৰ সমস্যা, অনুমতি, পথৰ অধিকাৰৰ সমস্যা আৰু ভিৰ হ্ৰাস কৰাত কাম কৰিব ।

ভিজুৱেল আন্দাৰষ্টেণ্ডিঙৰ (visual understanding) বাবে শেহতীয়া উপগ্ৰহৰ ছবি ব্যৱহাৰৰ সৈতে সময়ে সময়ে নিৰীক্ষণ কৰা হ'ব । প্ৰকল্পবোৰৰ উন্নয়নৰ গতি লগতে আন্ত:গাঁথনি নিৰূপণৰ বাবে ভাস্কাৰাচাৰ্য নেচনেল ইনষ্টিটিউট ফৰ স্পেচ এপ্লিকেচনচ এণ্ড জিঅইনফৰ্মেটিক্সৰ দ্বাৰা ইতিমধ্যে বিশেষ মেপ প্ৰস্তুত কৰা হৈছে । ই ISRO ত উপলব্ধ উপগ্ৰহ ছবি আৰু ভাৰতীয় জৰীপৰ আধাৰ মানচিত্ৰও ব্যৱহাৰ কৰিব ।

এই বিআইএছএজি মানচিত্ৰসমূহ ৰাইজৰ বাবে উপলব্ধ কৰা হ'ব যাতে ব্যক্তিগত খণ্ডই প্ৰকল্পটোৰ যৌথ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণতো অংশগ্ৰহণ কৰিব পাৰে । গতিশক্তি পৰ্টেলে এক একত্ৰিত দৃষ্টিভংগী প্ৰদান কৰিব আৰু বিভিন্ন সংগঠনৰ এটা ডেশ্বব'ৰ্ড আৰু প্ৰকল্প ব্যৱস্থাপনা মডিউলৰ জৰিয়তে সকলো প্ৰকল্পৰ পুনৰীক্ষণ সম্ভৱ হ'ব ।

আঞ্চলিক ভাৰসাম্যহীনতা আৰু একপক্ষীয় বিকাশৰ সমাপ্তি

চৰকাৰী বিষয়াসকলৰ মতে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত অসামঞ্জস্যপূৰ্ণ উন্নয়ন আৰু আঞ্চলিক ভাৰসাম্যহীনতা সমাপ্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী গতিশক্তি পৰ্টেল আৰু ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে । উন্নয়নৰ পৰম্পৰাগত দৃষ্টিভংগী কিছু সলনি হোৱাৰ প্ৰয়োজন কিয়নো ইয়াৰ দ্বাৰা একপক্ষীয় বিকাশহে হৈ আহিছে । বিভিন্ন ক্ষেত্ৰত আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত কেতিয়াবাহে বিভাগসমূহে একেলগে কাম কৰিছিল যাৰ ফলত আন্তঃগাঁথনি আৰু অৰ্থনৈতিক বিকাশৰ প্ৰয়োজনীয়তাৰ মাজত এক বিস্তৃত ব্যৱধান দেখা গৈছিল ।

উমৈহতীয়া পৰিকল্পনা

প্ৰধানমন্ত্ৰী গতিশক্তি পৰ্টেল মুকলি কৰাৰ পাছত প্ৰকল্পবোৰ পৃথক পৰিকল্পনা আৰু পৃথকে ডিজাইন কৰাৰ পৰিৱৰ্তে এক উমৈহতীয়া দৃষ্টিভংগীৰে ডিজাইন আৰু কাৰ্যকৰী কৰা হ'ব । বিভিন্ন বাধা হ্ৰাস কৰা আৰু সঠিক ব্যয়ৰ সৈতে কামবোৰ দ্ৰুতভাৱে সম্পূৰ্ণ কৰাটো হৈছে ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ মুখ্য উদ্দেশ্য।

কেন্দ্ৰ, ৰাজ্য আৰু ব্যক্তিগত উদ্যোগৰ যৌথ প্ৰচেষ্টা

ভাৰতত ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় পৰ্যায়ত এক তিনি-স্তৰীয় প্ৰণালী আছে যি তেওঁলোকৰ বুজাবুজি আৰু আদেশ অনুসৰি উন্নয়নমূলক কামৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰে । যৌথ হোৱাৰ বাবে বিভিন্ন কেন্দ্ৰীয় বিভাগ আৰু মন্ত্ৰালয়ৰ মাজত লগতে ৰাজ্য আৰু ব্যক্তিগত খণ্ডৰ মাজত নিয়মীয়া সমন্বয় নিশ্চিত কৰা হ'ব । এই যুটীয়া পৰিকল্পনা আৰু বিকাশৰ আঁৰৰ সম্পূৰ্ণ ধাৰণাটো হ'ল সমগ্ৰ দেশৰ সামগ্ৰীৰ স্থানান্তৰ আৰু জনসাধাৰণৰ ইখন ঠাইৰ পৰা আন এখন ঠাইলৈ ভ্ৰমণ নিশ্চিত কৰা । চৰকাৰে লগতে কৈছে যে ই জীৱনধাৰণৰ মান উন্নত কৰাৰ লগতে ব্যৱসায়ৰ সুযোগ প্ৰদান কৰিব আৰু বিশ্ববজাৰত ভাৰতীয় সামগ্ৰীৰ প্ৰতিযোগিতাৰ সৃষ্টি কৰিব ।

সময়ৰ ব্যৱধানক তিনিটা ভাগত বিভক্ত

ইয়াক যাতে সহজে ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে চৰকাৰে প্ৰকল্পবোৰক তিনিটা শ্ৰেণীত বিভক্ত কৰিছে । প্ৰথমটোত ২০১৪-১৫ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হোৱা প্ৰকল্পবোৰৰ বিষয়ে সম্পূৰ্ণ তথ্য আৰু এতিয়ালৈকে চলি থকা প্ৰকল্পবোৰৰ স্থিতি থাকিব । দ্বিতীয়টোত ২০১৪-১৫ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হোৱা প্ৰকল্পসমূহ তথ্য থাকিব ।

পৰ্টেলৰ তৃতীয়টোত চৰকাৰে ২০২৫-২৬ বৰ্ষৰ ভিতৰত শেষ কৰিব বিচৰা প্ৰকল্পসমূহ অন্তৰ্ভুক্ত কৰা হ'ব । বিষয়াসকলে জানিবলৈ দিয়া মতে এই ব্যৱস্থাই দীৰ্ঘদিনীয়া অসংলগ্ন পৰিকল্পনা, মানককৰণৰ অভাৱ, অনুমোদনৰ বিষয় আৰু ক্ষমতাৰ সদব্যৱহাৰ আদি সমস্যা আঁতৰ কৰাত সহায় কৰিব ।

শীৰ্ষ বিষয়াসকলে পৰিৱৰ্তনৰ পৰামৰ্শ দিব

যিকোনো আন্ত:গাঁথনিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে মাষ্টাৰ প্লেনত যিকোনো পৰিৱৰ্তনৰ অনুমোদন দিয়াৰ বাবে চৰকাৰে কেবিনেট সচিবৰ অধ্যক্ষতাত সচিবসকলৰ এক ক্ষমতাপ্ৰাপ্ত গোট (EGoS) গঠন কৰিব । সকলো সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগৰ নেটৱৰ্ক পৰিকল্পনা বিভাগৰ মুৰব্বীসকলৰ সৈতে এক একত্ৰিত মাল্টিমডেল নেটৱৰ্ক পৰিকল্পনা গোট (NPG) প্ৰস্তাৱবোৰৰ একত্ৰিত পৰিকল্পনা আৰু একত্ৰীকৰণৰ বাবে দায়বদ্ধ হ'ব আৰু ইয়াৰ নিৰ্দেশ সন্দৰ্ভত EGoS ক সহায় কৰিব।

সমগ্ৰ ৰাষ্ট্ৰৰ দৃষ্টিভংগী

চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে সমগ্ৰ ৰাষ্ট্ৰৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিছে য'ত সকলো সংস্থা, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক আৰু ব্যক্তিগত খণ্ডই আন্তঃগাঁথনিৰ দ্ৰুত বিকাশৰ বাবে যুটীয়াভাৱে কাম কৰিব । ২ লাখ কিলোমিটাৰ দীঘল ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক, বন্দৰৰ কাৰ্গো ক্ষমতা বৃদ্ধি, বিদ্যুৎ পৰিবহণ ক্ষমতা বৃদ্ধি আৰু নৱীকৰণযোগ্য শক্তি উৎপাদন বৃদ্ধিকে ধৰি গতিশক্তিৰ কেইবাটাও লক্ষ্য আছে ।গীতিশক্তিৰ আন লক্ষ্যবোৰৰ ভিতৰত আছে বৃহৎ খাদ্য উদ্যান, কৃষি-প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ, প্ৰতিৰক্ষা কৰিডৰ, ইলেক্ট্ৰনিক্স নিৰ্মাণ ক্লাষ্টাৰ, টেক্সটাইল ক্লাষ্টাৰ আৰু ফাৰ্মা আৰু চিকিৎসা সঁজুলি ক্লাষ্টাৰ স্থাপন কৰা । গতিশক্তিৰ লক্ষ্য হৈছে লজিষ্টিক দক্ষতা উন্নত কৰি অৰ্থনীতিত শীৰ্ষ বিনিয়োগ, বিকাশ আৰু নিযুক্তি সৃষ্টি কৰা ।

দৰিদ্ৰতা দূৰীকৰণ

বিষয়াসকলৰ মতে দৰিদ্ৰতা আৰু উপাৰ্জনৰ বৈষম্য হ্ৰাস কৰাৰ বাবে ভাৰতৰ আন্তঃগাঁথনিৰ উন্নয়ন অতি প্ৰয়োজন । পথৰ সংযোগ, বিশেষকৈ গ্ৰাম্য পথৰ উন্নতিয়ে কৃষি খণ্ডক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে । একেদৰে, উন্নত বিদ্যুৎ বিতৰণে উদ্যোগসমূহক বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰক সহায় কৰিব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক: বিশ্ব দৃষ্টি দিৱস 2021 : Love Your Eyes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.