ETV Bharat / state

টীয়কত ভূমি কেলেংকাৰীত জড়িত হ'ল গাঁওপ্ৰধান - Land scam in Teok

Land scam in Assam : ৰাজ্যজুৰি চৰকাৰে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লৈছে । এনে পদক্ষেপৰ পিচতো লোভ এৰা নাই একাংশ গাঁওপ্ৰধানে । এইবাৰ টীয়কত গাঁওপ্ৰধানৰ চত্ৰচায়াত পিতা-পুত্ৰই কৰিলে জালিয়াতি ।

Land scam in Assam
মাটি বন্ধকত থৈ বিপদত গৰাকী
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 10:29 PM IST

2 Min Read
Choose ETV Bharat
মাটি বন্ধকত থৈ বিপদত গৰাকী

টীয়ক, ২৯ এপ্ৰিল: এখন উকা দলিলত চহী কৰি বিপদত পৰিল টীয়কৰ কুমুদ শৰ্মাৰ পৰিয়াল । আজি এই লোকজনে টীয়ক আৰক্ষী থানাত একে গাঁৱৰে পিতা-পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিচত পোহৰলৈ আহিছে এই ঘটনাটো । আজিৰ পৰা ১৪ বছৰ পূৰ্বে পুলিন বৰা আৰু উৎপল বৰাই উকা দলিলত স্বাক্ষৰ কৰাই বিশ হাজাৰ টকা দিয়াৰ বিনিময়ত টীয়কৰ বনাই গড়চুক অঞ্চলৰ কুমুদ শৰ্মাৰ পৰা তিনি কঠা মাটি বন্ধকত লৈছিল । কিন্তু পৰৱৰ্তী সময়ত উকা দলিলত স্বাক্ষৰ কৰা কুমুদ শৰ্মাৰ অজ্ঞাতে উক্ত ভূমি পঁচিশ বছৰৰ বাবে লীজত লোৱা বুলি লিখি এজন গাঁওপ্ৰধানৰ স্বাক্ষৰ কৰাই লোৱা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।

কুমুদ শৰ্মা নামৰ লোকজনে অভিযোগ উত্থাপন কৰি কয় যে মাতৃৰ চিকিৎসাৰ বাবে আজিৰ পৰা চৈধ্য বছৰ পূৰ্বে তেওঁৰ ঘৰৰ সমীপৰে এটুকুৰা ভূমি বিশ হাজাৰ টকাৰ বিনিময়ত বন্ধকত থৈছিল । কিন্তু পৰবৰ্তী সময়ত উকা দলিলত স্বাক্ষৰ কৰা দলিলত কুমুদ শৰ্মাৰ অজ্ঞাতে উক্ত ভূমি পঁচিশ বছৰৰ বাবে লীজত লোৱা বুলি লিখি এজন গাঁওপ্ৰধানৰ স্বাক্ষৰ কৰাই লয় ।

উল্লেখযোগ্য যে যাদব বৰা নামৰ যিজন গাঁওপ্ৰধানে ভুৱা দলিলত স্বাক্ষৰ কৰিছিল সেইজন গাঁওবুঢ়া উক্ত গাঁৱৰ গাঁওপ্ৰধান নোহোৱা স্বত্বেও কি ৰহস্যজনক কাৰণত দলিলত স্বাক্ষৰ কৰিলে সেই লৈ চৰ্চা হৈছে । ইপিনে, তিনি কঠাকৈ ভূমি এনেদৰে বেদখল মুক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখি অবশেষত পুলিন বৰা,উৎপল বৰাৰ পৰা প্ৰাণ নাশৰ ভাবুকি পোৱাত আজি টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰে কুমুদ শৰ্মাৰ পৰিয়ালে ।

যিসময়ত ভূ-মাফিয়াৰ তাণ্ডৱত মধুসুধন দেখা খাতিখোৱা জনতাৰ পক্ষত অৱস্থান গ্ৰহণ কৰি ৰাজ্য চৰকাৰে এনে মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়ত টীয়কৰ বনাই অঞ্চলৰ পিতা-পুত্ৰ পুলিন বৰা আৰু উৎপল বৰাৰ এনে কাণ্ডই সৃষ্টি কৰিছে ৰহস্যৰ । পাবনে উপযুক্ত ন্যায় কুমুদ শৰ্মাৰ পৰিয়ালে ?

লগতে পঢ়ক:অবৈধ বালি খননে বিপদ মাতিছে ভোগদৈলৈ - Illegal Sand Mining In Jorhat