ETV Bharat / state

অবৈধ বালি খননে বিপদ মাতিছে ভোগদৈলৈ - Illegal sand mining in Jorhat

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 10:39 PM IST

Illegal sand mining poses danger to Bhogadai river in Jorhat
অবৈধ বালি খননে বিপদ মাতিছে ভোগদৈলৈ

Illegal sand mining in Jorhat: যোৰহাটবাসীৰ আয়ুসৰেখা স্বৰূপ ভোগদৈ নদীলৈ ভাবুকি । অবৈধ বালি খননে বিপদ মাতিছে ভোগদৈলৈ । ভোগদৈৰ বক্ষত ফকলেণ্ড নমাই একাংশ ভু-মাফিয়াই দিনে নিশাই অৱৈধভাৱে খনন কৰি গৈছে বালি আৰু মাটি ।

অবৈধ বালি খননে বিপদ মাতিছে ভোগদৈলৈ

যোৰহাট,২৯ মাৰ্চ: যোৰহাটবাসীৰ আয়ুসৰেখা স্বৰূপ ভোগদৈ নদী । কিন্তু, যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা আৰু যোৰহাটীয়া ৰাইজৰ স্বাভিমান ভোগদৈ এতিয়া মৃত্যুৰ কৰাল গ্ৰাসৰ পিনে গতি কৰা গুৰুতৰ অভিযোগ উথাপিত হৈছে । কাৰণ ভোগদৈৰ বক্ষত ফকলেণ্ড নমাই একাংশ ভু-মাফিয়াই দিনে নিশাই অৱৈধভাৱে খনন কৰি গৈছে বালি আৰু মাটি ।

  • " class="align-text-top noRightClick twitterSection" data="">

এইসকল লোকে নিৰ্দিষ্ট স্থানৰ পৰিৱৰ্তে বিভিন্ন স্থানত অৱৈধভাৱে খনন কৰা ফলত বিভিন্ন স্থানত দ-গাঁতৰ সৃষ্টি হৈছে, তাৰ ফলত ভোগদৈৰ গতি পথ প্ৰায়ে সলনি হৈ পৰিছে । তাৎপৰ্যপূৰ্ণ ৰ্যে গিবন আভায়াৰণ্যৰ কাষতেই একাংশই জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰি ভোগদৈৰ বুকুত বালি মাটি খনন কৰাৰ অভিযোগ উত্থাপন হৈছে । এই কাৰ্যত ওতঃপ্ৰোতভাৱে জনৈক মদন নামৰ এজন ব্যক্তি জড়িত থকা গুৰুতৰ অভিযোগ উথাপিত হৈছে ।

এই কাৰ্যক যোৰহাটৰ বন বিভাগে সহযোগ কৰি অহাৰ গুৰুতৰ অভিযোগ সৰ্বত্ৰে উত্থাপিত হৈছে । ভোগদৈ সভ্যতাক নিশেষ কৰা এই কাৰ্যত যোৰহাট জিলা আছু আৰু যোৰহটীয়া ৰাইজ ক্ষোভিত হৈছে । এনে অবৈধখনক ৰোধ কৰি ভোগদৈক ৰক্ষা কৰিবলৈ ৰজাঘৰ প্ৰতিও আহ্বান । উল্লেখ্য যে ভোগদৈত অৱৈধভাৱে খনন কৰাৰ ফলত ফাকুৱাৰ দিনা ভোগদৈত পৰি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এজন মেধাবী ছাত্রই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ।

ভোগদৈয়ে গতি সলনি কৰা আৰু গিবনৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এইসকলৰ বিৰুদ্ধে যোৰহাট জিলা প্ৰশাসনে কি ব্যৱস্থা বা কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা - Pollution In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.