ETV Bharat / state

মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা - Pollution in Guwahati

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 6:59 PM IST

Number of vehicles in Guwahati is steadily increasing
মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা

Pollution in Guwahati: মধ্য এছিয়াৰ দ্বিতীয় সৰ্বোচ্চ প্ৰদূষিত চহৰ হিচাপে বিবেচিত হোৱা গুৱাহাটী মহানগৰীত প্ৰতিদিনেই বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা । বৰ্দ্ধিত যান-বাহনে প্ৰদূষণ বৃদ্ধিত ব্যাপক অৰিহণা যোগোৱাৰ অভিযোগ একাংশৰ ।

মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা

গুৱাহাটী,২৯ মাৰ্চ: গুৱাহাটী মহানগৰীত দৈনিক বৃদ্ধি পাইছে প্ৰদূষণ । চুইজাৰলেণ্ডৰ বায়ুৰ মান নিৰীক্ষণ সংস্থা আই কিউ এয়াৰ নামৰ সংস্থাটোৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত গুৱাহাটী দক্ষিণ মধ্য এছিয়াৰ দ্বিতীয় সৰ্বোচ্চ প্ৰদূষিত মহানগৰলৈ পৰ্যবসিত হৈছে । মহানগৰীত প্ৰদূষণ বৃদ্ধি পোৱা মূল কাৰণসমূহৰ ভিতৰত এটা প্ৰধান কাৰণ হৈছে যান-বাহনৰ সংখ্যা বৃদ্ধি । গুৱাহাটী মহানগৰত ব্যাপক হাৰত বৃদ্ধি পাইছে যান বাহনৰ সংখ্যা ।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, মহানগৰীত বৰ্তমানলৈ ১৪,০১,৬৯২ খন বাহন পঞ্জীয়নভুক্ত হৈছে । চলিত বৰ্ষৰ বৰ্তমানলৈ ২৫,৬৮৪ খন বাহন পঞ্জীয়নভুক্ত হৈছে । ২০২৩ চনত ১,১১,৪৪৩ খন বাহন পঞ্জীয়নভুক্ত হৈছিল তাৰ বিপৰীতে ২০২২ চনত ৯৯,২৫১ খন বাহন, ২০২১ চনত ৮৩,১৭৭ খন বাহন আৰু ২০২০ চনত ৭২,৮৬৪ খন বাহন পঞ্জীয়নভুক্ত হৈছে ।

২০২০ চনৰ পৰা তথ্য হিচাপে চাবলৈ গ'লে মহানগৰীত দিনে দিনে বৃদ্ধি পাইছে গাড়ীৰ পঞ্জীয়নৰ সংখ্যা । তথ্য অনুসৰি ২০২০ৰ তুলনাত ২১ চনত ১৪.১৫% বাহনৰ পঞ্জীয়ন বৃদ্ধি হৈছে । ঠিক একেদৰে ২০২১ ৰ তুলনাত ১৯.৩৩% বাহনৰ পঞ্জীয়ন বৃদ্ধি হৈছে । ২০২২ ৰ তুলনাত ২০২৩ চনত ১২.২৮% বাহনৰ পঞ্জীয়ন বৃদ্ধি হৈছে ।

এই বিষয় সম্পৰ্কে প্ৰদূষণ পৰিষদৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, গুৱাহাটী মহানগৰীত প্ৰদূষণৰ মূল কাৰণসমূহৰ ভিতৰত এটা কাৰণ হৈছে বৰ্ধিত যান-বাহন । যান-বাহন বৃদ্ধি পোৱাৰ ফলত যান-বাহনৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ ধূলিৰ লগত মিহলি হৈ বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰিছে । এইক্ষেত্ৰত বিভাগসমূহৰ কৰণীয় আছে । পথবোৰ পৰিষ্কাৰ কৰি ৰাখিলে ধূলিৰ মাত্ৰা কমিব । পেট্ৰ'ল-ডিজেলৰ পৰিৱৰ্তে ইলেকট্ৰনিক বাহনবোৰ ব্যৱহাৰ কৰিলে প্ৰদূষণৰ মাত্ৰা যথেষ্ঠ কমি যাব । তদুপৰি পেট্ৰ'ল-ডিজেল চালিত ম্যাদ উকলি যোৱা বাহনবোৰৰ চলাচল বন্ধ কৰি দিব লাগে বুলি সচেতন মহলে দাবী কৰে ।

লগতে পঢ়ক: হাতত কটা মুণ্ড-দা লৈ ৰাজপথত ঘাতক মোমায়েক - Uncle Beheads Niece

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.