কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগ : পাইপ বহুৱালে, কিন্তু নলহে নাই - Jal Jeevan Mission Corruption
JAL JEEVAN MISSION : জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ নামত বিয়াগোম কেলেংকাৰী ৷ ধেমাজি জিলাৰ জোনাইৰ ভিন্ন স্থানত এতিয়া ইটোৰ পিচত সিটোকৈ বিকল হৈ পৰিছে পানী যোগান আঁচনি ৷

Published : May 20, 2024 at 12:22 PM IST
|Updated : May 20, 2024 at 1:21 PM IST
জোনাই, ২০ মে’ : "ঘৰে ঘৰে নল, ঘৰে ঘৰে জল" - এই বাণীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰততে আৰম্ভ হৈছিল জল জীৱন মিছন আঁচনি । সমান্তৰালভাৱে ৰাজ্যৰ চুকে-কোণে তীব্ৰ গতিত চলিল এই আঁচনিৰ কাম । ৰাজ্যৰ প্ৰায় প্ৰতিঘৰ লোকৰ চোতালে চোতালে জল জীৱন আঁচনিৰ নল স্থাপন কৰা হ'ল বুলি ভাষণত উল্লেখ কৰিলে মন্ত্ৰী-বিধায়কে । পিছে প্ৰকৃতাৰ্থত কিমান ফলপ্ৰসূ হৈছে এই আঁচনি ? সেয়া সময়ে সময়ে পোহৰলৈ আহিছে ।
এইবাৰ ধেমাজি জিলাৰ জোনাইত জনতাক বিশুদ্ধ খোৱাপানী যোগানৰ নামত কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ নামত ইটোৰ পিচত সিটো কেলেংকাৰী পোহৰলৈ আহিছে ৷ ইটোৰ পিচত সিটোকৈ জল জীৱন মিছনৰ পানী যোগান আঁচনি বিকল হৈছে ।
জোনাইৰ 2 নং তৰাজানত জনতাৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বিপৰীতে ৰাস্তাৰ দুয়োকাষে বিভিন্ন ঠাইত পানীৰ পাইপ ফাটি যধে মধে নিগৰিছে পানী । যাৰ ফলত গাঁওখনত থকা পৰিয়ালসমূহে যিমানখিনি বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ লাগিছিল তাৰ আধা অংশহে পাবলৈ সক্ষম হৈছে বুলি অভিযোগ উত্থাপন হৈছে ৷ ফলত এতিয়া অঞ্চলটোৰ লোকসকলে বিভিন্ন নলা-নৰ্দমাৰ পানী সেৱন কৰা বুলি জানিব পৰা গৈছে ।
ইফালে এই ক্ষেত্ৰত গাঁওখনৰ ৰাইজে বাৰে বাৰে ঠিকাদাৰৰ লগতে জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অভিযন্তাক অভিযোগ কৰি আহিছে যদিও মেৰামতি কৰাৰ বিপৰীতে একেটা কামকে বাৰে বাৰে কৰিব নোৱাৰো বুলি ঠিকাদাৰজনে দাবী ধমকি দিয়া বুলিহে ৰাইজে জানিবলৈ দিছে ।
আনহাতে কাষতে লাগি থকা জোনাই সদৰৰ পাইপ পানী যোগান আঁচনিটো একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে । বিগত ছমাহৰ পূৰ্বৰ পৰা একেবাৰে বন্ধ কৰি পেলালে পানী যোগান ব্যৱস্থা । পানী যোগান ধৰাৰ নামত ঘৰে ঘৰে যোগান দিয়া পানীৰ পাইপসমূহ বিভিন্ন ঠাইত ভঙাৰ ফলত পিক পেলোৱা ঠাইলৈ ৰূপান্তৰ হৈছে ।
কিন্তু ইমানৰ পাচতো বিয়াগোম জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অভিযন্তাসকলে নিৰৱ ভুমিকা পালন কৰাক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে ৷ ইয়াৰ উপৰিও জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত নিৰ্মাণ কৰা প্ৰায় ভাগ আঁচনিতেই এতিয়া একেই পৰিৱেশ আৰু পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ।
জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অভিযন্তা আৰু ঠিকাদাৰৰ মাজত গোপন বুজাবুজিৰে অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰি অতি নিম্ন মানৰ সামগ্ৰীৰে এই আঁচনিৰ কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে জোনাইৰ সচেতন মহলৰ লোকে ।
লগতে পঢ়ক : পানী যোগান আঁচনিৰ নামত ভেলকিবাজি, এটুপি পানীৰ বাবে হাহাকাৰ 7 খনকৈ গাঁও - Scam In JJM Scheme

