ETV Bharat / state

হাতত কটা মুণ্ড-দা লৈ ৰাজপথত ঘাতক মোমায়েক - uncle beheads niece

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 3:48 PM IST

uncle beheads niece
সুৰাৰ ৰাগীত ভাগিনীয়েকক শিৰচ্ছেদ মোমায়েকৰ

Uncle beheads niece: মৰিগাঁও জিলাত লোমহৰ্ষক হত্য়াকাণ্ড ৷ সুৰাৰ ৰাগীত মাতাল হৈ মোমায়েকৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে ভাগিনীয়েকে ৷ পঢ়ক সবিশেষ...

সুৰাৰ ৰাগীত ভাগিনীয়েকক শিৰচ্ছেদ মোমায়েকৰ

মৰিগাঁও, 29 মাৰ্চ : মৰিগাঁও জিলাৰ সমীপৱৰ্তী ময়নগুৰিত লোমহৰ্ষক হত্য়াকাণ্ডৰ ঘটনা সংঘটিত হৈছে । সুৰাৰ ৰাগীত মাতাল হৈ মোমায়েকে শিৰচ্ছেদ কৰিলে ভাগিনীয়েকক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে দুপৰীয়াৰ ভাগত গাঁও প্ৰধানগৰাকীলৈ ৰূপন লস্কৰ নামৰ লোকজনে এজন লোকক শিৰচ্ছেদ কৰি হাতত কটা মুণ্ড আৰু দা লৈ পথত থিয় হৈ থকা বুলি খবৰ দিয়ে ৷ এই খবৰ পোৱাৰ লগে লগে গাঁও প্ৰধানগৰাকী ঘটনাস্থলীত উপস্থিত হয় ৷

তেওঁ আহি দেখে যে, ৰূপনে ভাগিনীয়েক ভৌমিক কোঁৱৰক দাৰে ঘপিয়াই হত্যা কৰি হাতত মুণ্ডটো লৈ ঘটনাস্থলীত উপস্থিত আছে ৷ লগে লগে গাঁৱৰ লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ৷

লগে লগে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰূপন লস্কৰক গ্ৰেপ্তাৰ কৰে ৷ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে সোধাপোছা কৰাত এই ঘটনা মাটি-বাৰীক কেন্দ্ৰ কৰি অব্যাহত থকাৰ কাজিয়াৰ চূড়ান্ত পৰিণতিৰ ফলত সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে ৷

লগতে গাঁও প্ৰধানগৰাকীৰ ভাষ্যমতে ঘৰে-ঘৰে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল মোমায়েক ৰূপন লস্কৰে ৷ ঘটনাস্থলীত আপত্তিজন সামগ্ৰী উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ।

এই ঘটনা সংঘটিত কৰাৰ সময়ত লোকজনে সুৰাপান কৰি থকা বুলি গম পোৱা গৈছে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ জেৰাত ৰূপনে এতিয়ালৈ মুখ খোলা নাই যদিও পৰৱৰ্তী সময়ত ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: বেতজান চাহ বাগিচাত পাত ছিঙি থকা অৱস্থাত মহিলাক শিৰচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.