বেতজান চাহ বাগিচাত পাত ছিঙি থকা অৱস্থাত মহিলাক শিৰচ্ছেদ

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 4:48 PM IST

thumbnail

তিনিচুকীয়া, ১১ ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ মাকুম বেতজান চাহ বাগিচাৰ ৪ নং শাখাত দেওবাৰে পুৱা চাহ বাগানত পাত ছিঙি থকা অৱস্থাত এগৰাকী মহিলাক শিৰচ্ছেদ কৰে এজন যুৱকে । মৃত মহিলাগৰাকী বেতজান চাহ বাগিচাৰ ৬ নং লাইনৰ ববিতা ভূঞা (৪৫) বুলি জানিব পৰা গৈছে ৷ 

ঘটনাৰ বিৱৰণী অনুসৰি, বাগিচাখনৰ একেটা লাইনৰ দীপক বৰাইক নামৰ যুৱক এজনে পুৱা প্ৰায় ৮ বজাত কৰ্মৰত অৱস্থাত কলম কটা দাৰে ডিঙি কাটি মহিলাগৰাকীক হত্যা কৰে বুলি সেই সময়ত উপস্থিত থকা এগৰাকী মহিলাই জানিবলৈ দিয়ে ৷ ইফালে এই ঘটনা সংঘটিত কৰিয়েই অভিযুক্ত দীপক বৰাইকে ইতিমধ্যে মাকুম থানাত হাজিৰ হৈছে ৷

এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হোৱা মাকুম আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ অৱশ্যে অভিযুক্তটোৱে কি কাৰণত এই নৃশংসকাণ্ড সংঘটিত কৰিলে ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই।

লগতে পঢ়ক: লংপতীয়া হাবিত মহিলাৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ; শৰীৰত আঘাতৰ চিন স্পষ্ট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.