উত্তপ্ত : দুপৰ নিশালৈকে বিলাসী হোটেলত সুৰাৰ আড্ডা

author img

By

Published : Oct 14, 2021, 11:29 AM IST

heated situation in krc palace hotel tezpur

তেজপুৰ চহৰৰ অন্যতম বিলাসী হোটেল KRC Palace ত উত্তপ্ত পৰিস্থিতি ৷ চৰকাৰী ক’ভিড প্ৰট’কল(Covid Protocol) ভংগ কৰি হোটেলখনত বহিছে বিলাতী সুৰাৰ আড্ডা ৷ ঘটনা সন্দৰ্ভত ক্ষুদ্ৰ ব্যৱসায়ী আৰু তেজপুৰ আছু(AASU)ৰ উত্তাল প্ৰতিবাদ ৷

বিশ্বনাথ, 14 অক্টোবৰ : ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিড(Covid) নীতি-নিয়মৰ মাজেৰে ৰাজ্যবাসীয়ে উদযাপন কৰিছে শাৰদীয় দুর্গা পূজা(Durga Puja) ৷ ইফালে চৰকাৰৰ পৰা অনুমতি লাভ কৰিয়েই একাংশ বিলাসী হোটেলৰ মালিকে এতিয়া প্ৰশাসন কিম্বা আৰক্ষীক নমনা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে তেজপুৰ চহৰত ।

তেজপুৰৰ কে আৰ চি পেলেচ হোটেলত সুৰাৰ আড্ডা

তেজপুৰত ক’ভিড প্ৰট’কল(Covid Protocol) ভংগ কৰি নিশা 11 বজাৰলৈকে বিলাসী হোটেল খোলা ৰখাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ব্যৱসায়ীৰ লগতে তেজপুৰ আছু(AASU)ই ৷ অভিযোগ অনুসৰি, পূজাৰ সময়চোৱাত চহৰখনৰ বিলাসী কে আ ৰ চি পেলেচ(KRC Palace) হোটেলত নিশালৈকে বিলাতী সুৰাৰ আড্ডা বহিছে ৷

স্থানীয় সাধাৰণ ব্যৱসায়ী আৰু তেজপুৰ আছু সদস্যসকলে নিশা 10.30 বজাত হোটেলখনত উপস্থিত হৈ সুৰাৰ আড্ডাত সৃষ্টি হোৱা হুলস্থুলীয়া পৰিস্থিতি প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পাচতে আৰক্ষীক খবৰ দিয়ে স্থানীয় ব্যৱসায়ী আৰু আছুৱে ৷ লগতে KRC হোটেল সন্মুখত তেজপুৰ আছু সদস্য আৰু স্থানীয় ব্যৱসায়ীসকলে শোণিতপুৰ জিলা প্ৰশাসন(Sonitpur District Administration)ৰ বিৰুদ্ধে শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

ইফালে ঘটনাস্থলীত তেজপুৰ সদৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও প্ৰতিবাদকাৰীৰ প্ৰশ্নত নিমাত হৈ ৰ’ল আৰক্ষী ৷ সাধাৰণ ব্যৱসায়ীসকলে প্ৰশ্ন কৰে যে, যদি সকলোৱে ক’ভিড নীতি-নিয়ম মানি চলিব লাগে, তেন্তে নিশা 9 বজালৈকে এই বিলাসী হোটেলখন কিয় খোলা ৰখা হৈছে? এই উত্তপ্ত পৰিস্থিতিৰ সময়তে নিশা বজাৰলৈকে হোটেলখনত থকা গ্ৰাহকসকলে সাংবাদিকৰ দল আৰু আৰক্ষীক দেখি হোটেল ত্যাগ কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ সৈতে ছেল্ফি ল’বলৈ পূজাস্থলীত ক’ভিড প্ৰট’কল ভংগ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.