ETV Bharat / city

ধুবুৰীত ছমাহৰ ভিতৰত মুকলি হ’ব মেডিকেল কলেজ : মুখ্যমন্ত্ৰী

author img

By

Published : Oct 14, 2021, 12:18 PM IST

cm-visit-dhubri-medical-college
ছয় মাহৰ ভিতৰত মুকলি হ’ব মেডিকেল কলেজ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সন্ধিয়া ধুবুৰী মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ নিৰ্মাণথলীত উপস্থিত হয় । দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে ধুবুৰীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷

ধুবুৰী, 14 অক্টোবৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে ধুবুৰীত উপস্থিত হয় । তেওঁ ধুবুৰীৰ বগৰীবাৰী মহামায়া মন্দিৰ, পাগলাহাট, তামাহাট আৰু গৌৰীপুৰৰ ৰাজবাৰীৰ দুৰ্গা পূজাৰ লগতে আন কেইবাখনো পূজা মণ্ডপ পৰিদৰ্শন কৰে ৷

ইয়াৰ পাছত সন্ধিয়া নিৰ্মাণৰত ধুবুৰী মেডিকেল কলেজত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা । পৰিদর্শনৰ সময়ত নির্মাণৰত মেডিকেল কলেজৰ ভিতৰত একাংশ হাস্পতাল কৰ্মচাৰীৰ পৰিয়ালে বসবাস কৰি থকা বুলি গম পোৱাৰ পিছতেই তেওঁলোকক সোনকালেই মেডিকেল কলেজৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়ে । তেওঁ প্ৰথমে নিৰ্মাণৰ কামৰ দায়িত্বত থকা ঠিকাদাৰক ধমক দি এওঁলোকৰ বিৰুদ্ধে গোচৰ কিয় দিয়া নাই বুলি ধমক দিয়ে ।

ছয় মাহৰ ভিতৰত মুকলি হ’ব মেডিকেল কলেজ

ঠিকাদাৰৰ পিছতেই জিলা উপায়ুক্তক বিচাৰি সৰৱ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী । ততালিকে জিলা উপায়ুক্তগৰাকী ঘটনাস্থলীত উপস্থিত হোৱাত ধমক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এইবোৰ কি হৈ আছে বুলি প্ৰশ্নও কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

ধুবুৰীৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে মেডিকেল কলেজৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ মুখ্য়মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী ছয় মাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হ’ব বুলি জানিবলৈ দিয়ে ।

ছয় মাহৰ ভিতৰত মুকলি হ’ব মেডিকেল কলেজ

তদুপৰি দালালৰ প্ৰসংগক কেন্দ্ৰ কৰি ধুবুৰীতো দালাল আছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে দালাল যদি আছে লিষ্ট বনাই দিবলৈ সাংবাদিককেই আহ্বান জনায় ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ সৈতে ছেল্ফি ল’বলৈ পূজাস্থলীত ক’ভিড প্ৰট’কল ভংগ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.