দিল্লীক হৰুৱাই IPL ৰ ফাইনেলত প্ৰৱেশ কলকাতা নাইট ৰাইডাৰ্ছৰ

author img

By

Published : Oct 14, 2021, 9:50 AM IST

KKR enters IPL final

বুধবাৰে KKR আৰু DC ৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন কোৱালিফায়াৰ মেচত দিল্লী কেপিটেলছক(DC) হৰুৱাই ফাইনেলত প্ৰৱেশ কলকাতা নাইট ৰাইডাৰ্ছৰ(KKR) ৷ শুকুৰবাৰে ডুবাই ক্ৰিকেট ষ্টেডিয়ামত CSK আৰু KKR ৰ মাজত অনুষ্ঠিত হ’ব 2021 বৰ্ষৰ আই পি এলৰ চূড়ান্ত মেচখন ৷

স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ : চলিত আই পি এল(IPL)ৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচত দিল্লী কেপিটেলছক(DC) হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে(KKR) ৷ বুধবাৰে ডুবাইৰ শ্বাৰজাহ ষ্টেডিয়ামত DC ক পৰাস্ত কৰি 3 উইকেটত জয় লাভ কৰে KKR য়ে ৷

ইতিমধ্যে দুবাৰকৈ আই পি এলৰ খিতাপ লাভ কৰা কলকাতা নাইট ৰাইডাৰ্ছে শুকুৰবাৰে তিনিবাৰৰ খিতাপ লাভ কৰা চেন্নাই চুপাৰ কিংছৰ(CSK) বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব ৷ ডুবাই ক্ৰিকেট ষ্টেডিয়ামত CSK আৰু KKR ৰ মাজত অনুষ্ঠিত হ’ব 2021 বৰ্ষৰ আই পি এলৰ চূড়ান্ত মেচখন ৷

বুধবাৰে KKR আৰু DC ৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন কোৱালিফায়াৰ মেচত যদিও দিল্লীয়ে পৰাজয় বৰণ কৰিছে, কিন্তু উক্ত মেচখনত দিল্লী কেপিটেলছৰ তাৰকা আছিল 26 বছৰীয়া খেলুৱৈ শ্ৰেয়াছ আয়াৰ(Shreyas Iyer) ৷ তেওঁ চাৰিটা বাউণ্ডেৰী আৰু তিনিটা ছয়ৰে মুঠ 41 টা বলত 55 ৰাণ সংগ্ৰহ কৰিছিল । কিন্তু 12.2 অভাৰত প্ৰতিভাশালী শুভমন গিল(Shubman Gill)ৰ 46 বলত 46 ৰাণৰ সৈতে 96 ৰাণৰ পাৰ্টনাৰ শ্বিপেৰে KKR য়ে DC ক ফাইনেলৰ পৰা বাহিৰ কৰি দিবলৈ সক্ষম হয় ৷

উক্ত মেচখনে শেষৰ ফালে এক অবিশ্বাস্য নাটকীয় ৰূপ লয়, যেতিয়া KKR য়ে 7 ৰাণত 5 টা উইকেট হেৰুৱাইছিল ৷ ইয়াৰ ভিতৰত আকৌ চাৰিজন খেলুৱৈ শূন্য ৰাণতে আউট হয় ৷ KKR য়ে 15.5 অভাৰত এটা উইকেট হৰুৱাই 123 ৰাণ সংগ্ৰহ কৰিছিল যদিও তাৰ পাচতে আচৰিত ধৰণে দলটোৱে বেটিঙত পতনৰ সন্মুখীন হৈছিল ।

KKR য়ে হাফৱে মাৰ্কত কোনো ক্ষতি নোহোৱাকৈ 76 ৰাণত উপনীত হৈছিল আৰু তেতিয়াও অপেনিং বেটছমেন দুজনক আউট কৰিব পৰা নাছিল দিল্লীয়ে ৷ পৰৱৰ্তী সময়ত 13 নং অভাৰত আয়াৰ আউট হৈছিল যদিও সেই সময়লৈকে খেলখন KKR ৰ পক্ষত আছিল ৷ আনহাতে, 15 নং অভাৰত দিল্লীয়ে 3 টা উইকেট হৰুৱাই মাত্ৰ 83 ৰাণহে সংগ্ৰহ কৰিছিল ৷ এনেদৰে কলকাতাৰ দুৰ্দান্ত বলাৰে দিল্লীক আই পি এলৰ ফাইনেলৰ পৰা বাহিৰ কৰি দলটোক ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰে ৷

লগতে পঢ়ক : Billion Cheers : T20 World Cup ৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.