Billion Cheers : T20 World Cup ৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি

author img

By

Published : Oct 13, 2021, 6:00 PM IST

billion cheers team india jersey for t20 world cup unveiled

T20 World Cup ৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি, Billion Cheers মুকলি ৷ 17 অক্টোবৰৰ পৰা UAE আৰু OMAN ত অনুষ্ঠিত হ'ব পুৰুষৰ T20 World Cup ৷ ভাৰতীয় দলটোৱে ১৮ অক্টোবৰত ইংলেণ্ডৰ বিৰুদ্ধে আৰু তাৰ পিছত ২০ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুশীলন খেলত(practice match) প্ৰথমবাৰৰ বাবে নতুন জাৰ্চি পিন্ধি খেলপথাৰত ভৰি দিব।

স্পৰ্টছ ডেস্ক , 13 অক্টোবৰ : 17 অক্টোবৰৰ পৰা UAE আৰু OMAN ত অনুষ্ঠিত হ'বলগীয়া পুৰুষৰ T20 World Cup ৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি মুকলি ৷ অনুৰাগীসকলৰ দ্বাৰা অনুপ্ৰাণিত বুলি দাবী কৰি বুধবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে(Board of Control for Cricket in India) বিলিয়ন চিয়ৰ্ছ জাৰ্চি (Billion Cheers Jersey) নামেৰে জাৰ্চি মুকলি কৰে ৷ 17 অক্টোবৰৰ পৰা 14 নৱেম্বৰলৈ এই টুৰ্ণামেণ্ট অনুষ্ঠিত হ'ব ৷

বিলিয়ন চিয়ৰ্ছ জাৰ্চি নামৰ এই নতুন জাৰ্চি ভাৰতীয় পুৰুষ, মহিলা আৰু 19- অনুৰ্ধ দলৰ অফিচিয়েল কিট পৃষ্ঠপোষক MPL Sports এ উন্মোচন কৰে । জাৰ্চিটো prussian blue আৰু royal blue ৰঙত প্ৰস্তুত কৰি তোলা হৈছে ৷ ভাৰতীয় দলটোৱে ১৮ অক্টোবৰত ইংলেণ্ডৰ বিৰুদ্ধে আৰু তাৰ পিছত ২০ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুশীলন খেলত(practice match) প্ৰথমবাৰৰ বাবে নতুন জাৰ্চি পিন্ধি খেলপথাৰত ভৰি দিব। তাৰ পিছত ২৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে পুৰুষৰ টি-২০ বিশ্বকাপত ভাৰতৰ উদ্বোধনী খেলৰ সময়ত খেলুৱৈসকলে এই জাৰ্চি পৰিধান কৰিব ৷

বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে(BCCI president Sourav Ganguly) কয় যে, ভাৰতীয় ক্ৰিকেট দলে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে সমৰ্থন লাভ কৰিছে, আৰু এই জাৰ্চীৰ জৰিয়তে তেওঁলোকৰ উৎসাহ উদযাপন কৰা বাদ দি আৰু অন্য কোনো ভাল উপায় নাই।

লগতে পঢ়ক : IPL 2021 : Qualifier 2 ত Kolkata Knight Riders বনাম Delhi Capitals

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.