IPL 2021 : Qualifier 2 ত Kolkata Knight Riders বনাম Delhi Capitals

author img

By

Published : Oct 13, 2021, 4:53 PM IST

IPL 2021

IPL 2021 ৰ ফাইনেলৰ বাবে বুধবাৰে সমুখ সমৰত অৱতীৰ্ণ হ'ব Kolkata Knight Riders আৰু Delhi Capitals ৷ বুধবাৰে সন্ধিয়া 7.30 বজাৰ পৰা Sharjah Cricket Stadium ত দুয়োটা দলে পৰস্পৰৰ বিৰুদ্ধে Qualifier 2 খেলখনত নামিব ৷

স্পৰ্টছ ডেস্ক , 13 অক্টোবৰ : Royal Challengers Bangalore ৰ বিৰুদ্ধে ব্যাপক জয়লাভৰ পাচত বুধবাৰে IPL 2021 ৰ Qualifier 2 ত(Qualifier 2 of the IPL 2021) Delhi Capitals ৰ বিৰুদ্ধে সমুখ সমৰত অৱতীৰ্ণ হ'ব দুবাৰৰ চেম্পিয়ন Kolkata Knight Riders ৷ Sharjah Cricket Stadium ত অনুষ্ঠিত হ'বলগীয়া খেলখলত দুয়োটা দলৰ মাজত এক তীব্ৰ প্ৰতিদ্বন্দীতা দেখিবলৈ পোৱা যাব বুলি আশা কৰা হৈছে ৷

উল্লেখ্য যে, বুধবাৰে সন্ধিয়া 7.30 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া খেলখনে IPL 2021 ৰ ফাইনেলত দল দুটাৰ স্থান সুনিশ্চিত কৰিব ৷ শুকুৰবাৰে হ'বলগীয়া ফাইনেলত Chennai Super Kings ৰ বিৰুদ্ধে কোনটো দল খেলপথাৰত নামিব সেই কথা বুধবাৰৰৰ এই Qualifier 2 খেলখনে নিশ্চিত কৰিব ৷ বুধবাৰে জয়লাভ কৰা দলটোৱে ফাইনেলত Chennai Super Kings ৰ বিৰুদ্ধে নমাৰ পৰিৱৰ্তে পৰাজিত দলটোৱে IPL 2021ৰ খিতাপ দখলৰ আশা সামৰিব লাগিব ৷

মন কৰিবলগীয়া যে, চলিত ছিজনত দুয়োপক্ষই এবাৰকৈ পৰষ্পৰে পৰস্পৰক পৰাজিত কৰিছে ৷

লগতে পঢ়ক : ক’ভিডত আক্ৰান্ত ধিং এক্সপ্ৰেছ হিমা দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.