Teok missing news:সন্তানৰ মুখলৈ চাই ঘূৰি আহিবলৈ অনুৰোধ পিতৃৰ

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 5:45 PM IST

thumbnail

টীয়ক, 15 ছেপ্টেম্বৰ : টীয়কত নিৰুদ্দেশ হৈ আছে এগৰাকী বোৱাৰী ৷ সম্ভেদ পালে শীঘ্ৰেই পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান স্বামীৰ ৷ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কলিয়াপানী কমাৰ গাঁৱৰ বিমান বৰাৰ নামৰ ব্যক্তিজনৰ পত্নী প্ৰস্তুতি বৰা যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ।

জানিব পৰা মতে, উক্ত দিনা আগবেলা মহিলাগৰাকী আধাৰ লিংকৰ কামত টীয়কৰ এক অৰুণোদয় কেন্দ্ৰলৈ বুলি ওলাই আহিছিল আৰু তেতিয়াৰ পৰাই আজি পৰ্যন্ত কোনো যোগাযোগ নাই পৰিয়ালৰ সৈতে ৷ মহিলাগৰাকীৰ মোবাইল ফোনটোও চুইচ অফ । ইপিনে উক্ত নিশালৈকে মহিলাগৰাকী ঘৰলৈ উভতি নহাত চিন্তিত হৈ স্বামীয়ে ইষ্ট কুটুম্বক খবৰ দিয়ে যদিও কোনো সম্ভেদ নাপায় ৷ অৱশেষত উপায়ন্তৰ হৈ টীয়ক আৰক্ষীক অৱগত কৰে যদিও এই পৰ্যন্ত কোনো শুংসুত্ৰ পোৱা নাই পৰিয়ালটিয়ে ।

উল্লেখ্য যে, এফালে বৃদ্ধ মাতৃ আৰু আনফালে আঢ়ৈ বছৰীয়া কনমাণিটিক লৈ এতিয়া বৰ অসুবিধাত পৰিছে স্বামী বিমান বৰা । সেয়ে কোনো লোকে মহিলাগৰাকীৰ সম্ভেদ পালে ততাতৈয়াকৈ টীয়ক আৰক্ষীক অথবা 8399058596 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া স্বামীৰ পৰিয়ালবৰ্গই ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.