Woman missing: অসহায় স্বামী, পত্নী-পুত্ৰক বিচাৰি হাহাকাৰ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 5:41 PM IST

thumbnail

তিনিচুকীয়া, ১৩ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত শীতলপুৰ গাঁৱত অঘটন ৷ প্ৰায় দুমাহ ধৰি সন্তানসহ নিখোঁজ হৈ আছে এগৰাকী মহিলা ৷ বিনয় কুমাৰ বৰাৰ পত্নী দিপাঞ্জলী দত্ত বৰা আজি প্ৰায় দুই মাহ ধৰি মাতৃগৃহলৈ গৈ ঘূৰি অহা নাই ৷ দুমাহৰ পূৰ্বে ৬ বছৰীয়া সন্তানক লগত লৈ মাতৃগৃহলৈ গৈছিল দিপাঞ্জলী দত্ত বৰাই ৷ তাৰ পিচতে তেওঁ ভগ্নীৰ ঘৰলৈ গৈছিল ৷ প্ৰথম পাঁচদিনলৈ তেওঁৰ স্বামীৰ সৈতে কথা বতৰাও চলি আছিল ৷  

কিন্তু পাঁচদিনৰ অন্তত হঠাৎ এদিন বিনয়ৰ পত্নীৰ ভগ্নীয়ে তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰলৈ ফোন কৰি তেওঁৰ মাতৃ অৰ্থাৎ বিনয়ৰ পত্নী আৰু ঘৰলৈ ঘূৰি নাযায় বুলি কয় ৷ যদি তেওঁলোকক বিচাৰি আহে তেন্তে কাটি পেলাব বুলি ভাবুকি দিয়ে ৷ ইয়াৰ পিচতে বিনয়ে পত্নীৰ মাতৃগৃহত যোগাযোগ কৰিব নোৱাৰাকৈ গোটেইকেইটা ফোন নম্বৰ ছুইচ অফ কৰি দিয়ে ৷ 

এই ঘটনা সম্পৰ্কে দিপাঞ্জলী দত্ত বৰাৰ স্বামী বিনয় কুমাৰ বৰাই আইনৰ কাষ চাপিছে যদিও কোনো ফল লাভ নকৰাত সংবাদ মাধ্যমৰ জৰিয়তে পত্নীক সন্তানসহ ঘূৰাই দিবলৈ কাতৰ আহ্বান জনায় ৷ উল্লেখ্য যে, বিনয় কুমাৰ বৰাৰ পত্নী দিপাঞ্জলী দত্ত বৰা আৰু ৬ বছৰীয়া পুত্ৰক পত্নীৰ ভগ্নীয়ে বন্দী কৰি ৰখাৰ সন্দেহ কৰিছে বিনয় কুমাৰ বৰাই ।

লগতে পঢ়ক: Bribery case: তিনি হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে কৃষি বিষয়াই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.