ETV Bharat / state

Student Missing: মায়ঙত বিদ্যালয়লৈ গৈ 4 দিন ধৰি নিখোঁজ এগৰাকী নাবালিকা ছাত্ৰী

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 5:29 PM IST

কন্যাক বিচাৰি হিয়া ভগা কান্দোন মাতৃৰ । বিদ্যালয়লৈ গৈ চাৰিদিন ধৰি নিখোঁজ হৈ আছে এগৰাকী ছাত্ৰী ৷

Student Missing
বিদ্যালয়লৈ গৈ 4 দিন ধৰি নিখোঁজ হাবিজা খাতুন

বিদ্যালয়লৈ গৈ 4 দিন ধৰি নিখোজ হাবিজা খাতুন

মৰিগাঁও, 11 ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ মায়ঙত যোৱা চাৰিদিন এগৰাকী ছাত্ৰীৰ নিখোজ হৈ থকা ঘটনাই এটা পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ কন্যাক বিচাৰি হিয়া ভগা কান্দোন মাতৃৰ । বিদ্যালয়লৈ গৈ নিখোঁজ হৈ আছে হাবিজা খাতুন নামৰ ছাত্ৰীগৰাকী । সম্প্ৰতি মায়ং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা 8 ছেপ্টেম্বৰত মৰিগাঁও জিলা মায়ং আৰক্ষী থানাৰ অন্তৰ্গত তথা গাগলমাৰী গাঁও পঞ্চায়তৰ 1 নং গাগলমাৰী গাঁৱৰ হাবিজুৰ ৰহমান আৰু জাহানাৰা বেগমৰ কন্যা হাবিজা খাতুন বিদ্যালয়লৈ গৈ 4 দিন ধৰি নিখোঁজ হৈ আছে । প্ৰতিদিনে যোৱাৰ দৰে ঘটনাৰ দিনাও সাধাৰণভাৱেই বিদ্যালয়লৈ উলাই গৈছিল হাবিজাই । কিন্এদু নিৰ্দিধআৰিত সময়ত সেইদিনা বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহা নাছিল হাবিজা ৷ ফলত পৰিয়ালৰ লোকে লগে লগে খা খবৰ কৰে যদিও কোনো খবৰ নাপায় ৷ তাৰ পিচতে তেওঁলোকে এদিন দুদিনকৈ চাৰিদিন উকলি যোৱাত আৰক্ষীৰ কাষ চাপে ৷

ইতিমধ্যে হাবিজাৰ পিতৃ-মাতৃয়ে আত্মীৰ ঘৰকে ধৰি, সকলো সম্ভৱপৰ ঠাইত বিচাৰ খোচাৰ চলাই যদিও কোনো শুংসূত্ৰ লাভ নকৰে ৷ ফলত এতিয়া হাবিজাৰ অসহায় পিতৃ-মাতৃ আৰু গাঁওবাসীয়ে হাবিজা খাতুনক বিচাৰি ভাগৰি পৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মায়ং আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । আৰক্ষীয়ে হাবিজাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও কোনো তথ্য লাভ কৰা নাই।

যদি কোনো লোকে এই নাবালিকাগৰাকীৰ কিবা সম্ভেদ পাই তেন্তে নিম্নোক্ত 8761806782 অথবা 7099157917 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

লগতে পঢ়ক: Drug Smuggler Arrested: 21 কোটি টকাৰ হেৰ’ইনসহ আমিৰ খান আৰক্ষীৰ জালত; ইয়াকুব আৰু জামিৰকো আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.