ETV Bharat / state

Dibrugarh youth missing news: ক’ত হেৰাল ডিব্ৰুগড়ৰ জকাই উলোম গাঁৱৰ অংকুল হাজৰিকা

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:55 PM IST

Dibrugarh youth missing news
ক’ত হেৰাল অংকুল হাজৰিকা

কেমেৰাৰ সন্মুখত পিতৃ-মাতৃয়ে কান্দি কান্দি ক’লে ঘূৰি আহিবলৈ ৷ বন্ধুৱে লক্ষ্য কৰিছিল ব্যৱহাৰত পৰিৱৰ্তন ৷ নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনত যোগদানৰ আশংকা ৷

ক’ত হেৰাল অংকুল হাজৰিকা

ডিব্ৰুগড়, 9 ছেপ্টেম্বৰ : ৰাজ্যত চৰকাৰে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনক আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনাই থকাৰ সময়তে নিজ সংগঠনটোলৈ উজনিত সদস্য ভৰ্তিৰ বাবে তৎপৰ হৈ পৰিছে আলফা স্বাধীন । বিশেষকৈ ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াত বিশেষ সক্ৰিয়তা প্ৰদৰ্শন কৰিছে আলফা স্বাধীনে । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ জকাই উলোম গাঁৱৰ অংকুল হাজৰিকা নামৰ যুৱকজন সন্ধানহীন হোৱাত সৃষ্টি হৈছে ৰহস্যৰ ।

পেহীয়েকৰ ঘৰলৈ বুলি ওলাই যোৱা অংকুলক বিচাৰি এতিয়া হাহাকাৰ কৰি ফুৰিছে পিতৃ-মাতৃয়ে ৷ অসহায় পিতৃ-মাতৃ উচুপি উঠিল সাংবাদিকৰ সন্মুখতে ৷ ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড়ৰ জকাই উলোম গাঁৱত । অংকুল হাজৰিকা নামৰ ২৪ বছৰীয়া যুৱকজন সন্ধানহীন হৈ আছে । ডিব্ৰুগড় চহৰৰ পেহীয়েকৰ ঘৰলৈ যাওঁ বুলি ওলাই যোৱা যুৱকজন ৩ ছেপ্টেম্বৰৰ পৰা নিজা গৃহলৈ ঘূৰি অহা নাই । পৰিয়ালৰ লোকে বৰবৰুৱা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই ।

সংবাদ মাধ্যমত কান্দি কান্দি পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ সকলোৰে আহ্বান,"তই যতেই আছ ঘৰলৈ উভতি আহ । আমি বৰ দুখ চিন্তাত দিন কটাইছো" । বন্ধুবৰ্গই সন্দেহ কৰা মতে হয়তো তেওঁ নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনত যোগদান কৰিব পাৰে যিহেতু বিগত কেইটামান মাহৰ পৰা যুৱকজনৰ আচৰণত অলপ পৰিৱৰ্তন সকলোৰে নজৰত পৰিছিল । অসম আৰক্ষীক যুৱকজনৰ সন্ধান উলিয়াবলৈ আহ্বান জনোৱাৰ লগতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো তথ্য ৰাজহুৱা কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে । পুত্ৰ সন্ধানহীন হৈ পৰাত অসহায় পিতৃ- মাতৃয়ে হিয়া ধাকুৰি কান্দিছে । কোনো সদাশয় ব্যক্তিয়ে খবৰ পালে 6900904745 ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে বন্ধুবৰ্গই ৷

লগতে পঢ়ক : ULFA leader Anup Chetia: শান্তি আলোচনালৈ আহিবলৈ পৰেশ বৰুৱাক আহ্বান অনুপ চেতিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.