ETV Bharat / politics

ৰাইজৰ প্ৰতি থকা কৰ্তব্য কৰিবলৈ সুযোগ বিচাৰি আছে গৌৰৱ গগৈয়ে ! - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 10:56 PM IST

Gaurav Gogoi in Majuli: চাৰি মে’লৈ অধীৰ আগ্ৰহেৰে বাট চাইছে গৌৰৱ গগৈয়ে ৷ সত্ৰপীঠত উপস্থিত হৈ ক’লে সাংসদ পদৰ প্ৰাৰ্থীগৰাকীয়ে ৷ ৰাইজে যথেষ্ট মৰম দিয়া বুলি কৈ প্ৰতিদানৰ বাবে সুযোগ বিচাৰি থকা বুলি ক’লে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷

GAURAV GOGOI
মাজুলীৰ গড়মূৰ সত্ৰত গৌৰৱ গগৈ (ETV Bharat Assam)

মাজুলীৰ গড়মূৰ সত্ৰত গৌৰৱ গগৈ (ETV Bharat Assam)

মাজুলী, 18 মে’: লোকসভা নিৰ্বাচনৰ পিচত প্ৰথমবাৰৰ বাবে শনিবাৰে মাজুলীত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ । মাজুলীত উপস্থিত হৈ গড়মূৰ সত্ৰত সেৱা লয় সাংসদ তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকীয়ে ৷ সত্ৰখনত উপস্থিত হৈ তেওঁ ভৱিষ্যত দিনত কিদৰে মাজুলীক আগুৱাই নিব পাৰি সেই সন্দৰ্ভত সত্ৰাধিকাৰগৰাকীৰ লগত আলোচনা কৰে ৷

গৌৰৱ গগৈয়ে কয়, ‘‘ ৪ জুনৰ নিৰ্বাচনৰ ফলাফলৰ পিচতহে আমি আমাৰ কাম কৰিব পাৰিম গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আমি ফলাফলৰ পিচৰ পৰাই কাম আৰম্ভ কৰিম ৷ মাজুলীবাসী ৰাইজে যি মৰম দিলে সেই মৰম আমি পালো । ৰাইজৰ মৰমৰ প্ৰতিদান হিচাপে আমাৰ যি দায়িত্ব হ'ব সেই দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিবলৈ চেষ্টা কৰিম ৷’’

কংগ্ৰেছে এইবাৰ কিমানখন আসন পাব বুলি সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত গৌৰৱ গগৈয়ে কয়, ‘‘ মাজুলীৰ ভৱিষ্যৎ সন্দৰ্ভত কৰিবলগীয়া কামৰ সন্দৰ্ভত সত্ৰাধিকাৰৰ পৰামৰ্শ ল’লোঁ ৷ আমি সকলোৱে অহা চাৰি তাৰিখলৈ বাট চাই আছো ৷ যোৱা সময়খিনিত ৰাইজক আমি যথেষ্ট প্ৰতিশ্ৰুতি দিছোঁ ৷ ৰাইজে আমাক যথেষ্ট মৰম দিছে ৷ সেই মৰমৰ বিনিময়ত আমাৰ যি দায়বদ্ধতা-কৰ্তব্য আছে, সেই কৰ্তব্য কৰিবলৈ সুযোগ বিচাৰি আছোঁ ৷’’

তদুপৰি কয় যে এইবাৰ ৪ জুনত যি নিৰ্বাচনী ফলাফল ঘোষণা হ’ব, তাত কংগ্ৰেছ দলে ভাল ফলাফল দেখুবাবলৈ সক্ষম হ’ব ৷ চাৰি মে’ত যি পৰিৱেশ হ’ব সেই পৰিৱেশে ভৱিষ্যতৰ নিৰ্বাচনৰ বাবে যথেষ্ট প্ৰৰণা দিব ৷ আনহাতে কিমানখন আসন লাভ কৰিব সেই সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে গৌৰৱ গগৈ ৷

ইফালে দিল্লীৰ কংগ্ৰেছ প্ৰাৰ্থী কানহায়া কুমাৰক আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে এই ঘটনা দুৰ্ভাগ্যজনক ৷ যি তেওঁৰ আক্ৰমণ কৰিছে এগৰাকী বিজেপি বিধায়কৰ ঘনিষ্ঠ বুলি সদৰী কৰে গৌৰৱ গগৈয়ে ৷

লগতে পঢ়ক: গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত মাজুলীৰ ৰাইজ সজাগ সতৰ্ক: গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.