ULFA leader Anup Chetia: শান্তি আলোচনালৈ আহিবলৈ পৰেশ বৰুৱাক আহ্বান অনুপ চেতিয়াৰ

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 8:36 PM IST

thumbnail

বাক্সা, ২৭ আগষ্ট: শান্তি আলোচনালৈ আহিবলৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান ৷ পৰেশ বৰুৱা শান্তি আলোচনালৈ আহিলে অধিক শক্তিশালী হ’ব চৰকাৰ-আলফাৰ আলোচনা প্ৰক্ৰিয়া ৷ তামুলপুৰত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি পৰেশ বৰুৱাক এই আহ্বান প্ৰাক্তন আলফা ঐক্য মঞ্চৰ মুখ্য উপদেষ্টা অনুপ চেতিয়াৰ । অৱশ্যে আলফা স্বাধীন যিহেতু এটা সুকীয়া সংগঠন গতিকে আলোচনাৰ মাজত অহা বা নহাৰ কথাটো পৰেশ বৰুৱাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰে চেতিয়াই ৷ 

তেওঁ প্ৰাক্তন আলফাৰ সৈতে কেন্দ্ৰই চৰকাৰৰ প্ৰথমলানি আলোচনা প্ৰক্ৰিয়া ইতিবাচক দিশেৰে আগবাঢ়িছে বুলি উল্লেখ কৰি শীঘ্ৰেই পৰৱৰ্তী আলোচনা আৰম্ভ হোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ কিছু গুৰুত্বপূৰ্ণ বিষয়ত ঐক্যমতত উপনীত হ’ব পাৰিলে আলোচনা সফল হ’ব বুলিও আশা ব্যক্ত কৰে । ইফালে তেওঁ স্বাধীন অসমৰ দাবী এৰি ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি চৰকাৰৰ লগত আলোচনা প্ৰক্ৰিয়া আগুৱাই নিয়াৰ কথা উল্লেখ কৰে ৷ 

ইফালে ধেমাজিকাণ্ডৰ ওপৰতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই । বিচাৰকে দিয়া ৰায় মানি লৈছো বুলি মন্তব্য কৰি তেওঁ তদন্তৰ গাফিলতিৰ ক্ষেত্ৰত প্ৰাক্তন আলফাৰ ক’বলগীয়া একো নাই বুলি উল্লেখ কৰি ইয়াত কোনো ৰাজনীতিৰ কথা অহা নাই বুলি কয় ৷

লগতে পঢ়ক: ULFA Government peace talk : পৰেশ বৰুৱাৰ লগত আলোচনাৰ সেউজ সংকেত মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.