ULFA Government peace talk : পৰেশ বৰুৱাৰ লগত আলোচনাৰ সেউজ সংকেত মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 10:51 PM IST

thumbnail

গুৱাহাটী, 22 আগষ্ট : অসমৰ দীৰ্ঘদিনীয়া আলফা সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত হোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দেশৰ ৰাজধানী নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে নতুন দিল্লীত সাংবাদিকসকলক সম্বোধন কৰি এই কথাৰ ইংগিত দিয়ে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, আলফাৰ আলোচনাপন্থী গোট আৰু পৰেশ বৰুৱাৰ আলফা (স্বাধীন) পন্থী দুটা গোট আছে। দুয়োটা গোটে একেলগে আলোচনা কৰাৰ বাবে আগ্ৰহী নহয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত আলোচনাপন্থী আলফাই দাবী কৰি অহা প্ৰধান দাবীটো সমাধান হৈছে। আলোচনাপন্থী আলফাই দাবী কৰি অহা প্ৰধান দাবীটো আছিল অসমৰ সকলো বিধানসভা সমষ্টি মূল অসমীয়াৰ বাবে সংৰক্ষিত হ'ব লাগে। সেয়া এক প্ৰকাৰ‌ সমাধান হৈছে। গতিকে আলোচনা গম্ভীৰ পৰ্যায়লৈ যোৱাৰ পৰিৱেশ আহিছে। কেন্দ্ৰীয় চৰকাৰে আলোচনাপন্থী আলফাৰ লগত আলোচনা কৰি আছে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত চুক্তি হৈ যোৱাৰ পিচত পৰেশ বৰুৱাৰ নেতৃত্বৰ আলফা (স্বাধীন) পন্থীৰ লগত আলোচনাৰ পথ মুকলি হ'ব। কেন্দ্ৰীয় চৰকাৰে আলোচনাপন্থী আলফাৰ লগত গুৰুত্বপূৰ্ণভাৱে আলোচনা চলাই আছে। 

লগতে পঢ়ক: ULFA Government peace talk : শ্বহীদৰ ত্যাগৰ মূল্য চৰকাৰে দিবই লাগিব; প্ৰাক্তন আলফা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.