এইবাৰ হেকাৰৰ চকু বিধায়ক দিগন্ত বৰ্মনৰ ওপৰত: অশালীন ভিডিঅ’ আপলোডৰ অভিযোগ - Diganta Barman FB page hack

By ETV Bharat Assamese Team

Published : May 15, 2024, 1:43 PM IST

thumbnail
এইবাৰ হেকাৰৰ চকু বিধায়ক দিগন্ত বৰ্মনৰ ওপৰত (SOURCE : ETV BHARAT ASSAM)

নলবাৰী, ১৫ মে’ : ফেচবুক পেজ হেক হৈছে ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ ৷ বিধায়কগৰাকীক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰাৰ বাবে এচাম দুষ্টচক্ৰই ছ’চিয়েল মিডিয়াত অশালীন ভিডিঅ’ আপলোড কৰাৰ সন্দৰ্ভত আৰম্ভ হৈছে তুমুল চৰ্চা ৷ কোনো দুষ্টচক্ৰই বিধায়ক বৰ্মনৰ বিধানসভা ভিত্তিক এক ফেচবুক পেজত অশালীন ভিডিঅ' আপলোড কৰাৰ বিষয়ত সমৰ্থক তথা কংগ্ৰেছ কৰ্মীসকলে মুকালমুৱা থানাত দাখিল কৰে এজাহাৰ ৷

উল্লেখ্য যে, বিধায়ক দিগন্ত বৰ্মনক সামাজিকভাৱে কোনো দুষ্ট চক্ৰই এইধৰণে সামাজিক মাধ্যমত সন্মান হানি কৰিব বিচাৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে দলীয় কৰ্মীসকলে ৷ সেয়ে অতি শীঘ্ৰে দুষ্ট চক্ৰটোক আটক কৰি বিহিত ব্যৱস্থা ল’বলৈ আৰক্ষীক আহ্বান জনায় কংগ্ৰেছ কৰ্মীসকলে ৷

লগতে পঢ়ক: Fake Facebook Account : বিধায়ক দিগন্ত বৰ্মনৰ নামত ভুৱা ফেচবুক একাউণ্ট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.