ETV Bharat / state

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা বহী পুনৰীক্ষণ; জাননী জাৰি মাধ্যমিক শিক্ষা সংসদৰ - HS Result 2024

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:52 AM IST

HS Result 2024 : উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বহী পুনৰীক্ষণ কৰিব বিচাৰে নেকি ? অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা ৷ ফলাফলৰ পুনৰীক্ষণ কেনেকৈ কৰিব জানিবলৈ পঢ়ক এই প্ৰতিবেদন -

AHSEC release the process of how to recheck the HS FINAL YEAR answer copy
জাননী জাৰি মাধ্যমিক শিক্ষা সংসদৰ (Etv bharat assam)

গুৱাহাটী, 19 মে’ : 9 মে’ৰ দিনা ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । শেহতীয়াকৈ ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ পুনৰীক্ষণ কৰিব বিচৰাসকলৰ বাবে শিক্ষা সংসদে জাৰি কৰিছে জাননী ৷

কেনেকৈ কৰিব আবেদন :

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ পুনৰীক্ষণৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে মুকলি কৰিছে এটা ৱেবচাইট । শিক্ষা সংসদে জাৰি কৰা জাননী অনুসৰি https://ahsec.assam.gov.in/ ৱেবচাইটলৈ গৈ অলাইনযোগে বহী পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব ইচ্ছুক পৰীক্ষাৰ্থীয়ে ।

বহী পুনৰীক্ষণৰ বাবে ইতিমধ্যে অনলাইন আবেদন 13 মে'ৰ পৰা আৰম্ভ হৈছে । বহী পুনৰীক্ষণৰ আবেদন দাখিলৰ অন্তিম দিন 22 মে’ৰ সন্ধিয়া 5 বজা । আনহাতে 23 মে'ৰ ভিতৰত আবেদনকাৰীয়ে দাখিল কৰিব লাগিব ই-চালান ৷

AHSEC release the process of how to recheck the HS FINAL YEAR answer copy
জাননী জাৰি মাধ্যমিক শিক্ষা সংসদৰ (Etv bharat assam)

উল্লেখ্য যে, 36 বছৰীয়া পৰম্পৰা ভংগ কৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে 2024 বৰ্ষৰ 9 মে'ৰ দিনা ফলাফল ঘোষণা কৰিছিল । উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত এইবাৰ নাছিল শীৰ্ষ স্থান । 1986 পৰা 2023 লৈ পৰম্পৰাগতভাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ শীৰ্ষস্থান প্ৰাপকৰ নাম ঘোষণা কৰা হৈছিল । অৱশ্যে এইবাৰ স্থান প্ৰাপক অবিহনেই ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ।

2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ 2,80,216 গৰাকী শিক্ষার্থী অৱতীৰ্ণ হৈছিল । এইসকলৰ ভিতৰত কলা শাখাত 2,06,467 গৰাকী, বিজ্ঞান শাখাত 55,287 গৰাকী, বাণিজ্য শাখাত 17,582 গৰাকী আৰু বৃত্তিমূলক শাখাত 880 গৰাকী শিক্ষার্থী আছে । উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈকে অনুষ্ঠিত হৈছিল ৷

লগতে পঢ়ক : স্থান ঘোষণা নকৰা সন্দৰ্ভত শিক্ষক-শিক্ষাৰ্থীৰ মনৰ ভাৱ জানি লওক - Assam HS Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.