ETV Bharat / bharat

জামিনৰ ম্যাদ উকলিল; পুনৰ কাৰাগাৰলৈ যাব কেজৰিৱাল - Kejriwal in Tihar

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 11:09 AM IST

Kejriwal in Tihar: ২১ দিনীয়া জামিনৰ ম্যাদ উকলি যোৱাৰ লগে লগে দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিব । ৩ বজাত তেওঁ তিহাৰ কাৰাগাৰত উপস্থিত হ'ব । তেওঁৰ জামিনৰ ম্যাদ বৃদ্ধিৰ আবেদন খাৰিজ কৰিছে আদালতে ।

Kejriwal in Tihar
পুনৰ কাৰাগাৰলৈ যাব কেজৰিৱাল (ETV Bharat)

নেশ্যনেল ডেস্ক, ২ জুন : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দেওবাৰে পুনৰ তিহাৰ কাৰাগাৰলৈ উভতিব । কিয়নো তেওঁৰ ২১ দিনৰ জামিনৰ ম্যাদ দেওবাৰে সম্পূৰ্ণ হ'ব । উচ্চতম ন্যায়ালয়ে তেওঁক নিৰ্বাচনী প্ৰচাৰৰ বাবে ৩ সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল । ইফালে শনিবাৰে ৰাউজ এভিনিউ আদালতে অন্তৱৰ্তীকালীন জামিন আবেদনৰ ওপৰত ৫ জুনৰ বাবে আদেশ সংৰক্ষিত ৰাখে ।

কেজৰিৱালে চিকিৎসাৰ বিষয় উল্লেখ কৰি জামিনৰ সম্প্ৰসাৰণ বিচাৰিছিল । কিন্তু আদালতে তেওঁৰ আবেদন খাৰিজ কৰে । ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ১০ মে'ত তেওঁৰ অন্তৱৰ্তীকালীন জামিনত অনুমোদন জনাইছিল ।

উল্লেখ্য যে ২১ মাৰ্চত গ্ৰেপ্তাৰ হোৱাৰ পিচত কেজৰিৱাল ১০ দিনৰ বাবে ইডিৰ জিম্মাত আছিল । তাৰ পিচত ১ এপ্ৰিলত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । তেওঁ তিহাৰত ৩৯ দিন কটাইছিল ।

কেজৰিৱালে যোৱা শুকুৰবাৰে কয় যে তেওঁ দেওবাৰে আবেলি প্ৰায় ৩ বজাত কাৰাগাৰ কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিব । দুপৰীয়া ২ বজাত তেওঁ চিভিল লাইনৰ বাসগৃহৰ পৰা ৰাওনা হ'ব । তেওঁ প্ৰথমে ৰাজঘাটৰ হনুমান মন্দিৰ দৰ্শন কৰিব । তাৰ পিচত দলৰ মুখ্য কাৰ্যালয় লৈ যাব । তেওঁ তাত দলীয় কৰ্মীসকলক সম্বোধন কৰিব । আপৰ মুখ্য কাৰ্যালয়ৰ পৰা পোনে পোনে তেওঁ তিহাৰ কাৰাগাৰলৈ যাব ।

কেজৰিৱালৰ জামিনৰ সময়ত উচ্চতম ন্যায়ালয়ে কৈছিল যে ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে ৯ বাৰ জাননী জাৰি কৰিছিল । কিন্তু তেওঁ উপস্থিত হোৱা নাছিল । সেইটো কেজৰিৱালৰ এক নেতিবাচক দিশ আছিল । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কেজৰিৱাল হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতা । তেওঁৰ বিৰুদ্ধে অভিযোগ গুৰুতৰ তাত কোনো সন্দেহ নাই । কিন্তু তেওঁ এতিয়ালৈকে দোষী সাব্যস্ত হোৱা নাই ।

এই গোচৰটোৰ তদন্ত ২০২২ চনৰ আগষ্টৰ পৰা অব্যাহত আছে । আনহাতে কেজৰিৱালক ২০২৪ চনৰ ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা এখন আবেদন আদালতত বিচাৰাধীন হৈ আছে । তাৰ ওপৰতো আদালতে ৰায় দিব । কেজৰিৱালৰ ২১ দিনৰ বাবে প্ৰস্থানে কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি আদালতে স্পষ্ট কৰি দিছিল আৰু তেওঁক জামিন প্ৰদান কৰিছিল ।

লগতে পঢ়ক :অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধিৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ - Delhi Liquor Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.