ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং: গুৰু ৰন্ধৱাৰ গীতত কঁকাল ভাঙিলে ৰণবীৰ-বীৰ পাহৰিয়াই - ANANT RADHIKA CRUISE PRE WEDDING

author img

By ETV Bharat Entertainment Team

Published : Jun 2, 2024, 12:25 PM IST

Anant-Radhika Pre Wedding Festivities: ইউৰোপত আৰম্ভ হৈছে অনিল আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং অনুষ্ঠান । য’ৰ পৰা অভিনেতা ৰণবীৰ সিং আৰু গুৰু ৰন্ধাৱাৰ নৃত্য-গীত ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । চাওক ভিডিঅ’...

Ranveer Singh's rocking dance performance at Anant-Radhika's 2nd pre-wedding, Guru Randhawa enlivened the gathering with his melodies!
অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং: গুৰু ৰন্ধৱাৰ গীতত কঁকাল ভাঙিলে ৰণবীৰ-বীৰ পাহৰিয়াই (ETV Bharat Hindi)

চিটাৰা ডেস্ক, 2 জুন : অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ পূৰ্বৰ উৎসৱ আৰম্ভ হৈছে ৷ যাৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত ৷ খবৰ অনুসৰি বলীউডৰ তাৰকা ৰণবীৰ সিং, বীৰ পাহাৰিয়া, গুৰু ৰন্ধাৱাই এই পাৰ্টিত অংশগ্ৰহণ কৰিছে ৷ গায়ক গুৰু ৰান্ধৱাই তেওঁৰ হিট গীতেৰে অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং ক্ৰুজ পাৰ্টীত আৰু অধিক মনোৰঞ্জন যোগ দিয়ে ৷

Ranveer Singh's rocking dance performance at Anant-Radhika's 2nd pre-wedding, Guru Randhawa enlivened the gathering with his melodies!
অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং: গুৰু ৰন্ধৱাৰ গীতত কঁকাল ভাঙিলে ৰণবীৰ-বীৰ পাহৰিয়াই (Instagram)

গুৰু ৰন্ধাৱাৰ গীতত নৃত্য কৰে ৰণবীৰ সিঙে

ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’টোত বলীউডৰ এনাৰ্জি মেন ৰণবীৰ সিঙে গুৰু ৰন্ধাৱাৰ ‘মৌৰ্নি বানকে’ গীতত জোৰদাৰভাৱে নৃত্য কৰা দেখিবলৈ পোৱা যায় ৷ ফেন পেজত শ্বেয়াৰ কৰা ভিডিঅ’টোত ৰণবীৰ সিং, অৰি আৰু বীৰ পাহৰিয়াই নৃত্য কৰি থকাৰ সময়তে গুৰু ৰন্ধৱাই তেওঁৰ হিট গীতটিত কণ্ঠদান কৰে দেখা গৈছে ৷ সম্পূৰ্ণ ক’লা ৰঙৰ সাজ-পোছাক পৰিধান কৰা দেখা গ’ল ৰণবীৰক ৷ তেওঁৰ অনুৰাগীসকলে এই ভিডিঅ'টো খুবেই পচন্দ কৰিছে আৰু সামাজিক মাধ্যমত বিভিন্ন কমেন্টেৰে উপচাই তুলিছে ৷

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়ালৈ এতিয়াও এমাহতকৈও অধিক সময় বাকী আছে যদিও মাৰ্চ মাহৰ পৰাই ইয়াৰ উদযাপন আৰম্ভ হৈছিল ৷ তেওঁলোকৰ প্ৰথম প্ৰি-ৱেডিঙৰ অনুষ্ঠান গুজৰাটৰ জামনগৰত আয়োজন কৰা হৈছিল যি সমগ্ৰ দেশতে বিখ্যাত হৈ পৰিছিল ৷ এই অনুষ্ঠানত বলীউডৰ সকলো চেলিব্ৰিটিয়ে অংশগ্ৰহণ এই আনন্দ আৰু দুগুণ বৃদ্ধি কৰে ৷

ইয়াৰ পিচত আম্বানী পৰিয়ালে ইউৰোপৰ বিলাসী ক্ৰুজত আন এটা প্ৰি-ৱেডিং পাৰ্টিৰ পৰিকল্পনা কৰি সকলোকে আচৰিত কৰি তোলে ৷ কিন্তু এইবাৰ জামনগৰ পাৰ্টীতকৈ অতিথিৰ সংখ্যা কম ৷ খবৰ অনুসৰি জামনগৰ অনুষ্ঠানত ১২০০ৰো অধিক লোকৰ অতিথি তালিকা আছিল যদিও এইবাৰ মাত্ৰ ৮০০ অতিথিহে উপস্থিত আছিল ৷ এতিয়া ক্ৰুজত উদযাপনৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

অহা ১২ জুলাইত অনুষ্ঠিত হ’ব বিবাহনুষ্ঠান

ইফালে, ৩০ মে’ বৃহস্পতিবাৰে প্ৰকাশ পোৱা ‘ছেভ দ্য ডেট’ বিবাহৰ নিমন্ত্ৰণী পত্ৰ অনুসৰি অহা ১২ জুলাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ হ’ব ৷ তিনিদিনীয়া এই মহান উদযাপনৰ আয়োজন কৰা হ’ব বিশ্ব অধিৱেশন কেন্দ্ৰত ৷ চলিত বৰ্ষৰ আৰম্ভণিতে অনন্ত-ৰাধিকাৰ বিবাহৰ পূৰ্বে প্ৰি-ৱেডিং অনুষ্ঠানৰ আয়োজন কৰা হৈছিল য’ত বলীউডৰ বহু তাৰকাই অংশগ্ৰহণ কৰিছিল ৷

ইয়াৰ পিচত এইটো তেওঁলোকৰ দ্বিতীয়টো বিবাহৰ পূৰ্বে উদযাপন, এতিয়া আন্তঃৰাষ্ট্ৰীয় তাৰকা কেটি পেৰী আৰু পিটবুলেও এই পাৰ্টীত অনুষ্ঠান পৰিৱেশন কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: এখন বিশেষ বিয়া : দুটাকৈ প্ৰি-ৱেডিঙৰ অনুষ্ঠানৰ সৈতে ঘোষণা কৰিলে তাৰিখ - Anant Radhika Wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.