কম ভোটত হ'লেও জয়লাভ কৰিম: আপ প্ৰাৰ্থী মনোজ ধানোৱাৰ - Lok Sabha election 2024
Lok Sabha election in Assam : ডিব্ৰুগড় সমষ্টিত নিজৰ বিজয় দাবী কৰিলে আপ প্ৰাৰ্থী মনোজ ধানোৱাৰে ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত বটলিফ চাহ ফেক্টৰীবোৰে গ্ৰহণ নকৰো বুলি ঘোষণা কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ আপ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ ৷

Published : June 2, 2024 at 8:36 AM IST
মৰাণ, 2 জুন: 4 জুনত ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল । ফলাফলৰ দিন চমু চপাৰ লগে লগে সকলো ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে জয়-পৰাজয়ৰ হিচাপ নিকাচ । ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত 12 টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিম বুলি দৃঢ়তাৰে কৈ থকা সময়ত বিৰোধী কংগ্ৰেছে পূৰ্বতকৈ অধিক আসন আৰু প্ৰতিটো সমষ্টিত ভোট বৃদ্ধি হ'ব বুলি দাবী কৰিছে ।
ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত এইবাৰ অতি আকৰ্ষণীয় নিৰ্বাচনী যুঁজ হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত । বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰি নিৰ্বাচনী যুঁজত নামিছিল । ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে আপে ডিব্ৰুগড়ত মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল । এতিয়া ফলাফলৰ ঘোষণাৰ পূৰ্বে সকলো প্ৰাৰ্থী আৰু দলে নিজা নিজা সমীকৰণ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে ।
ডিব্ৰুগড়ৰ লাহোৱালত শনিবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল সম্পৰ্কত ধানোৱাৰে ডিব্ৰুগড় সমষ্টিত তিনিকোণীয়া যুঁজ হৈছে বুলি উল্লেখ কৰে । লগতে আপৰ ৰাজ্যিক উপ-সভাপতি তথা ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে কয়, "অধিকাংশ সংবাদ মাধ্যমত বিজেপিৰ সৰ্বানন্দ সোণোৱাল আৰু এজেপিৰ লুৰিণজ্যোতি গগৈৰ মাজত মূল যুঁজ হোৱা বুলি প্ৰচাৰিত হোৱাত আক্ষেপ প্ৰকাশ কৰিছো ৷ ডিব্ৰুগড়ত তিনিকোণীয়া যুঁজ হৈছে ৷ 4 জুনত কম ভোটত হ'লেও জয়লাভ কৰিম ।"
আনহাতে, 1 জুনৰে পৰা ৰাজ্যখনত থকা প্ৰায় 300 বটলিফ চাহ ফেক্টৰী বন্ধ হৈ পৰাত আক্ষেপ প্ৰকাশ কৰিছে ধানোৱাৰে । ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত বটলিফ চাহ ফেক্টৰীবোৰে গ্ৰহণ নকৰো বুলি ঘোষণা কৰাত চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছ ৷
এই সন্দৰ্ভত মনোজ ধানোৱাৰে কয়, "ফেক্টৰী বন্ধৰ ফলত দুই লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ অৱস্থা হ’ব । এয়া লাখ লাখ শ্ৰমিকক ভাতে মৰাৰ চেষ্টা চলাইছে । বৃহৎ পুঁজিপতি গোষ্ঠীয়ে থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । এটা সু-পৰিকল্পিত ষড়যন্ত্ৰ এয়া ।"
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় আপে । অন্যথা আপে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে ।

