ETV Bharat / state

4 জুনত ঘোষণা কৰা হ’ব নিৰ্বাচনী ফলাফল; 144 ধাৰা জাৰি - Lok Sabha election results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 11:51 AM IST

Lok Sabha election results 2024: লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত 144 ধাৰা জাৰি । তিনিচুকীয়া জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা ৷

Lok Sabha election results 2024 tinsukia administration imposes Section 144 on election results day
4 জুনত ঘোষণা কৰা হ’ব নিৰ্বাচনী ফলাফল; 144 ধাৰা জাৰি (Etv bharat assam)

তিনিচুকীয়া, 2 জুন: ইতিমধ্যে সামৰণি পৰা লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব 4 জুনৰ দিনা ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে । তিনিচুকীয়া জিলা আয়ুক্ত তথা তিনিচুকীয়া জিলা প্ৰশাসনৰ দণ্ডাধীশ স্বপ্নীল পালৰ স্বাক্ষৰিত এক নিৰ্দেশনা পত্ৰৰ জৰিয়তে 4 জুনত 144 ধাৰা জাৰি কৰিছে ৷

144 ধাৰা জাৰি কৰা হেতুকে প্ৰদান কৰা নিৰ্দেশনা অনুসৰি ভোটগণনা কেন্দ্ৰৰ সমীপত কোনোধৰণৰ প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰা বা শ্ল’গান দিব নোৱাৰিব । ভোটগণনা কেন্দ্ৰৰ ভিতৰত কোনো ৰাজনৈতিক দলৰ লোকে লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব । গণনা কেন্দ্ৰৰ ভিতৰত কোনেও ম'বাইল ফোন অথবা কেমেৰা লৈ প্ৰৱেশ কৰিব নোৱাৰিব ।

Lok Sabha election results 2024
তিনিচুকীয়া জিলা প্ৰশাসনৰ নিৰ্দেশনা (Etv bharat assam)

অনুমতি অবিহনে কোনো প্ৰাৰ্থী অথবা ৰাজনৈতিক দলে ৰেলী বাহিৰ কৰিব নোৱাৰিব । ভোটগণনা কেন্দ্ৰৰ 1 কিলোমিটাৰ দূৰত্বৰ ভিতৰত কোনো ব্যক্তিয়ে লাঠি বা আগ্নেয়াস্ত্ৰ লৈ ফুৰিব নোৱাৰিব । ইয়াৰ লগতে, ভোটগণনা কেন্দ্ৰৰ এক কিলোমিটাৰ দূৰত্বলৈকে পাঁচজনতকৈ অধিক লোক সমবেত হোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে । ফলাফল ঘোষণাৰ পাচত কোনো লোকে আতচবাজী ফুটাব নোৱাৰিব বুলিও নিৰ্দেশনাটোত উল্লেখ আছে ৷

উল্লেখযোগ্য যে, বিগত বৰ্ষসমূহত দেখা যায় যে ভোটগণনা কৰাৰ সময়ত ৰাজনৈতিক দলসমূহৰ সদস্যসকলে একত্ৰিত হৈ বিভিন্ন শ্ল’গান দিয়া পৰিলক্ষিত হয় ৷ সমান্তৰালভাৱে আতছবাজী ফুটাই এক হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হয় ৷ এইবাৰ যিহেতু 4 জুনৰ দিনটোত জিলা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে, গতিকে সমগ্ৰ পৰিস্থিতি সুস্থিৰ আৰু নিয়ন্ত্ৰণত থাকিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: সমাগত ৪ জুন; ভোটগণনাৰ বাবে সাজু কলিয়াবৰ প্ৰশাসন - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.