Student missing in Jorhat: কৃষ্ণ জন্মাষ্টমী দিনা পৰাই নিৰুদ্দেশ তিতাবৰৰ দুজন ছাত্র

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:59 PM IST

thumbnail

যোৰহাট,১৩ ছেপ্টেম্বৰ: যোৰহাট জিলা অন্তৰ্গত তিতাবৰ মহকুমাৰ দুই ছাত্ৰ নিৰুদ্দেশক লৈ বৰ্তমান সৰ্বত্ৰে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । কৃষ্ণ জন্মাষ্টমীৰ দিনাৰ পৰাই সন্ধান নাই তিতাবৰৰ নতুন বান্দৰচলিয়াৰ ভূপেন তাঁতী আৰু সুনীল পানিকা নামৰ দুই ছাত্ৰৰ । জন্মাষ্টমীৰ দিনা পুৱাই ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা আজিকোপতি দুই ছাত্ৰৰ কোনো ধৰণৰ শু-সুত্ৰ নাই ।  

ছাত্ৰ দুজনৰ আকস্মিক নিৰুদ্দেশে এতিয়া চিন্তিত কৰি তুলিছে পৰিয়াল তথা স্থানীয় ৰাইজক । ছাত্ৰ দুজনৰ নিৰুদ্দেশৰ সন্দৰ্ভত বান্দৰচলিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে ছাত্ৰ দুজনৰ কোন ধৰণৰ সম্ভেদ লাভ কৰা নাই আৰক্ষীয়েও । আৰক্ষীয়ে ছাত্ৰ দুজন নিৰুদ্দেশ ঘটনাটো গুৰত্বসহকাৰে গ্ৰহণ কৰি অনুসন্ধান চলাই আছে ।  

ইয়াৰোপৰি ছাত্ৰ দুজনৰ কোনো সম্ভেদ পালে স্থানীয় আৰক্ষীক খবৰ দিয়াৰ লগতে 9101074182 আৰু 8811850750 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ভূপেন আৰু সুনীলৰ পৰিয়ালে । কি পৰিস্থিতি কি কাৰণত ছাত্র দুজন নিৰুদ্দেশ হ'ল সেই সম্পৰ্কে বিভিন্ন কাৰণ উলিয়াই একাংশই কৰা আলোচনাই এতিয়া সকলোকে চিন্তিত কৰি তুলিছে । 

লগতে পঢ়ক: Clash between husband and wife: স্বামী-স্ত্ৰীৰ অভিযোগ প্ৰতি অভিযোগ, কাৰ অভিযোগ সঁচা ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.