ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 10, 2022, 9:04 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 @ 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Pakistan political crisis : পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বহিষ্কাৰ ইমৰাণ খান

নেচনেল এচেম্বলীৰ 342 জনীয়া সদনৰ 174 জন সদস্যই প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে ভোটদান কৰে (Imran Khan loses no-confidence vote) । ইমৰাণ খানৰ চৰকাৰৰ পতনৰ পাছত বিৰোধী দল পাকিস্তান মুছলিম লীগ-নাৱাজৰ নেতা শ্বেহবাজ শ্বৰীফ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে ৷

Bihu Workshop at Kaliabor : আঠদিনীয়া বিহু কৰ্মশালাৰ সামৰণি

জখলবন্ধাৰ আঠদিনীয়া বিহু কৰ্মশালাৰ সামৰণি(Closing ceremony of Bihu Workshop at Kaliabor) ৷ এই কৰ্মশালাত প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰে বৰ্ষীয়ান ঢুলীয়া ধনেশ্বৰ শইকীয়াই ৷ কৰ্মশালাখনিত প্ৰশিক্ষাৰ্থীসকলক বিহু নৃত্য আৰু ঢোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

Hindi Compulsory in School: কি ক'লে ৰামেশ্বৰ তেলী, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতিয়ে?

দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষাক বাধ্যতামূলক কৰিবলৈ লোৱা সিদ্ধান্তই ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ (Hindi as compulsory subject in schools)৷ অসমৰ বিভিন্ন দল-সংগঠন, ব্যক্ত বিশেষে ইয়াৰ বিৰুদ্ধে মাত মাতিছে । দুই কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে এই সিদ্ধান্তৰ অনধিকাৰ হস্তক্ষেপ বুলি আখ্যা দিছে ৷ আনহাতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই সন্দৰ্ভত কয় যে চৰকাৰৰ সিদ্ধান্তৰ ওপৰত কোৱাত অসুবিধা আছে ৷

দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বিৰোধিতা অসম সাহিত্য সভাৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হিন্দীভাষা বাধ্যতামূলক কৰাৰ সন্দৰ্ভত তীব্ৰ বিৰোধ কৰিছে অসম সাহিত্য সভাই (Assam sahitya sabha against hindi being compulsory subject) ৷ জানো আহক এই বিষয়ত কি হ’ব সাহিত্য সভাৰ পদক্ষেপ ৷

আপক বিজেপিৰ বি-টীম আখ্যা মীৰা বৰঠাকুৰৰ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দল আৰু প্ৰাৰ্থী সমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, প্ৰচাৰ তুংগত উঠিছে । প্ৰাৰ্থীসকলে নিজ নিজ সমৰ্থকক লগত লৈ ঘৰে ঘৰে প্ৰচাৰ অভিযান,প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ লগতে ৱাৰ্ডে-ৱাৰ্ডে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখে । এই সময়তে, কংগ্ৰেছ নেত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত (GMC election 2022) বিজেপিয়ে ধনৰ বল দেখুৱাই ৰাজনীতি কৰিছে, এয়া শাসক দল বিজেপিৰ নিকৃষ্ট ৰাজনীতিৰ পৰিচয় । আম আদমী পাৰ্টি চমুকৈ আপক উঠাই দি কংগ্ৰেছ দলক ধংশ কৰাৰ চেষ্টা কৰাৰ কথাৰে আপক বিজেপিৰ বি-টীম বুলিও আখ্যা দিয়ে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ৷

ভূপেন বৰাৰ নতুন নাম ভূপেন আজমল দিলে কোনে ?

শনিবাৰে নিলম্বিত হৈ থকা কংগ্ৰেছৰ বহুবল্কী বিধায়ক শ্বেৰমান আলী আহমেদে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দিলে এক নতুন নাম । ভূপেন আজমল ।

তেজপুৰ ভোজখোৱাত ভয়াবহ দুৰ্ঘটনা, এজন মৃত্যু

তেজপুৰ ভোজখোৱাত ভয়াবহ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এজন গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে এজন লোক নিহত হৈছে (one dies in road accident in Tezpur) ৷

মহানগৰ আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ

গুৱাহাটী, খটখটী, গোলাঘাট আৰু মেঘালয়ত অভিযান চলাই বৃহৎ গাড়ী চুৰি চক্ৰক জালত পেলাইছে মহানগৰ আৰক্ষীয়ে (Car thief racket arrested by Guwahati police) ৷ সবিশেষ জানো আহক ৷

যোৰহাটৰ তিনিদিনীয়া স্ব-নিয়োজন মেলাৰ সামৰণি

যোৰহাট কাছাৰী মৈদানত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা স্ব- নিয়োজন ( স্বাৱলম্বিতাৰ দিশে এটি প্ৰয়াস) মেলাৰ শনিবাৰে সফলতাৰে অন্ত পৰে (Swa Niyojan Mela in Jorhat) ৷ এই সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ তথা ভাৰতীয় চাহ বৰ্ডৰ সদস্য কামাখ্যা প্ৰসাদ তাচাই (Kamakhya Prasad Tasa) ৷

হিন্দী বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ বিৰোধিতা আছু-কৃষক মুক্তিৰ

গৃহ মন্ত্ৰী অমৃত শ্বাহে চৰকাৰী ভাষা বিষয়ক লৈ সংসদীয় সমিতিৰ বৈঠকত উত্তৰ-পূৱৰ ৮ খন ৰাজ্যত দশম শ্রেণীলৈ হিন্দী ভাষা বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছিল (Hindi will be compulsory in northeastern states)। গৃহ মন্ত্ৰীৰ এই মন্তব্যৰ পাছতে অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.