ETV Bharat / city

দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বিৰোধিতা অসম সাহিত্য সভাৰ

author img

By

Published : Apr 9, 2022, 6:26 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হিন্দীভাষা বাধ্যতামূলক কৰাৰ সন্দৰ্ভত তীব্ৰ বিৰোধ কৰিছে অসম সাহিত্য সভাই (Assam sahitya sabha against hindi being compulsory subject) ৷ জানো আহক এই বিষয়ত কি হ’ব সাহিত্য সভাৰ পদক্ষেপ ৷

assam-sahitya-sabha-on-hindi-being-compulsory-subject
দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বিৰোধিতা অসম সাহিত্য সভাৰ

গুৱাহাটী, ৯ এপ্ৰিল : অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিদ্যালয়সমূহত দশমমান পৰ্যন্ত হিন্দীশিক্ষা বাধ্যতামূলক কৰিবৰ বাবে চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিত ঘোষণা কৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে অসম সাহিত্য সভাই (Assam sahitya sabha) ৷ এক বিজ্ঞপ্তিত সভাৰ প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হিন্দীভাষা বাধ্যতামূলক কৰাৰ পৰিৱৰ্তে অসমীয়াকে ধৰি অন্যান্য খিলঞ্জীয়া ভাষাসমূহৰ প্ৰসাৰ আৰু বিকাশৰ বাবে ব্যৱস্থা ল’ব লাগিছিল ৷

উল্লেখ্য, হিন্দী ভাষাৰ অধ্যয়ন ব্যাধতামূলক (hindi being compulsory subject) কৰাত উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ভাষাসমূহ আৰু অঞ্চলটোৰ সংযোগী ভাষা হিচাপে অসমীয়া ভাষাৰ ভৱিষ্যত সন্দিহান হৈ পৰিব ৷ উল্লেখ্য যে বিগত বৰ্ষসমূহত অসম সাহিত্য সভাই উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ভাষাসমূহৰ প্ৰচাৰ, বিকাশ আৰু বিস্তৃতিৰ বাবে ইংৰাজী মাধ্যম আৰু চিবিএছ ই বিদ্যালয়সমূহত অসমীয়াকে ধৰি খিলঞ্জীয়া ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰিবৰ বাবে দাবী জনাই আহিছিল যদিও এই ক্ষেত্ৰত চৰকাৰী পক্ষই তিলমানো সদিচ্ছা প্ৰদৰ্শন কৰা নাই ৷

সাহিত্য সভাই স্পষ্টকৈ মত প্ৰকাশ কৰিছে যে, অসমীয়া আৰু খিলঞ্জীয়া ভাষাসমূহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি দশম শ্ৰেণী পৰ্যন্ত হিন্দীভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰাৰ সিদ্ধান্ত বাতিল কৰিব লাগে ৷ উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ বাদে অন্যান্য ৰাজ্যসমূহত এনে ব্যৱস্থাৰ পৰা বিৰত ৰখাৰ হেতুকে উত্তৰ পূৰ্বাঞ্চল বাসীয়ে সন্দেহৰ চকুৰে চাইছে ৷

লগতে পঢ়ক : হিন্দী বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ বিৰোধিতা আছু-কৃষক মুক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.