ETV Bharat / state

হিন্দী বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ বিৰোধিতা আছু-কৃষক মুক্তিৰ

author img

By

Published : Apr 9, 2022, 5:57 PM IST

গৃহ মন্ত্ৰী অমৃত শ্বাহে চৰকাৰী ভাষা বিষয়ক লৈ সংসদীয় সমিতিৰ বৈঠকত উত্তৰ-পূৱৰ ৮ খন ৰাজ্যত দশম শ্রেণীলৈ হিন্দী ভাষা বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছিল (Hindi will be compulsory in northeastern states)। গৃহ মন্ত্ৰীৰ এই মন্তব্যৰ পাছতে অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে ।

Hindi will be compulsory
হিন্দী বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ বিৰোধিতা

গুৱাহাটী,৯ এপ্ৰিল : "অসমৰ বিদ্যালয়সমূহত ইতিমধ্যে অষ্টম শ্রেণীলৈ হিন্দী ভাষাতো বাধ্যতামূলক । ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰতে পূৰ্বতে সপ্তম শ্রেণী আৰু বৰ্তমান অষ্টম শ্রেণী হিন্দী বাধ্যতামূলক । নৱম-দশমত কোনোৱে ইচ্ছা কৰিলে হিন্দী পঢ়িব পাৰে । কিন্তু বাধ্যতামূলকভাৱে আন প্ৰদেশৰ দৰে ভাষা জাপি দিব বিচাৰিলে পৰিণাম ভয়ংকৰ হ'ব" । এই হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ ।

তেওঁৰ দাবী অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য সাতখন ৰাজ্যত দশম শ্রেণী পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলকভাৱে হিন্দী ভাষা জাপি দিয়াটো মানি লোৱা নহ'ব । আছু নেতাগৰাকীয়ে কোৱা মতে অসমৰ মানুহে ইয়াক লৈ প্ৰতিবাদ কৰিব (AASU on Hindi being compulsory subject)। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে আন্দোলন হ'ব । তেওঁৰ মতে অসমৰ বিদ্যালয়ত অষ্টম শ্ৰেণীলৈ হিন্দী ভাষা বাধ্যতামূলক তাত কোনো বাধা নাই ।

কিন্তু দশম শ্ৰেণীলৈ হিন্দী ভাষা জাপি দিলে প্ৰতিবাদ হ'ব বুলি তেওঁ হুংকাৰ দিয়ে । নাথে কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিতো মাতৃভাষাক গুৰুত্ব প্ৰদানেৰে শিক্ষাদানৰ কথা কোৱা হৈছে । জনতা মূল্যবৃদ্ধিত কোঙা হৈছে । মূল্যবৃদ্ধিৰ বিষয়টো তল পেলাবলৈ গৃহ মন্ত্ৰী গৰাকীয়ে ভাষা জাপি বিষয়টো উল্লেখ কৰিছে বুলি তেওঁ অভিযোগ কৰে ।

হিন্দী বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ বিৰোধিতা আছু-কৃষক মুক্তিৰ

২০১৯ চনতো এনেকুৱা এটা সিদ্ধান্ত লোৱা হৈছিল আৰু তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বিৰোধিতা কৰিছিল । গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰতিবাদ কৰিব লাগে বুলি আছুৰ সভাপতি গৰাকীয়ে আহ্বান জনায় ।

উল্লেখ্য যে শুকুৰবাৰে গৃহ মন্ত্ৰী অমৃত শ্বাহে চৰকাৰী ভাষা বিষয়ক লৈ সংসদীয় সমিতিৰ বৈঠকত উত্তৰ-পূৱৰ ৮ খন ৰাজ্যত দশম শ্রেণীলৈ হিন্দী ভাষা বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছিল (Hindi will be compulsory in northeastern states)। গৃহ মন্ত্ৰীৰ এই মন্তব্যত অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে তীব্র বিৰোধিতা কৰিছে । গৃহ মন্ত্ৰী এই মন্তব্যৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ (KMSS demands govt to withdraw decision about Hindi mandatory) সাধাৰণ সম্পাদক বিতু সোণোৱালে কয় যে বিজেপি চৰকাৰৰ এক দেশ, এক ভাষা, এক নীতিৰ ধাৰণা গণতন্ত্ৰৰ পৰিপন্থী । তেওঁৰ অভিযোগ চৰকাৰে সংবিধানৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত আঘাত সানিব বিচাৰিছে ।

তেওঁ লগতে কয় যে ভাৰত চৰকাৰে উপলব্ধি কৰক দেশত 'জন গণ মন' থকাৰ পাছতো 'অ মোৰ আপোনাৰ দেশ' আমাৰ জাতীয় সংগীত । তেওঁ কয় যে 'ভাৰত মাতা কী জয়' কোৱা পাছতো আমি 'জয় আই অসম' কওঁ । তেওঁৰ অভিযোগ বিজেপি চৰকাৰ অহা পৰা এটা এটাকৈ অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে । অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া প্রশ্নকাকত উঠাই লৈছে ।

অসমৰ কিছু জিলাত অসমীয়া মাধ্যমৰ বিদ্যালয়ত বহিৰাগত হিন্দীভাষী শিক্ষকক নিযুক্তি দিছে । তেওঁৰ দাবী চৰকাৰৰ হিন্দী বাধ্যতামূলক সিদ্ধান্ত বাতিল কৰিব লাগে । অসমৰ জাতীয় সংগঠনসমূহে দীৰ্ঘদিনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰা বাবে দাবী জনায় আহিছে । কিন্তু সেই কথাৰ প্ৰতি গুৰুত্ব নিদি চৰকাৰে হিন্দী বাধ্যতামূলক কৰিব ওলাইছে । এই সিদ্ধান্ত বাতিল নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি কৃষক নেতাগৰাকীয়ে দাবী জনায় ।

লগতে পঢ়ক :মৃত কংগ্ৰেছৰ লগত যুজঁ কৰি সময় নষ্ট নকৰে এ আই ইউ ডি এফে: বিধায়ক আমিনুল ইছলাম

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.