ETV Bharat / international

Pakistan political crisis : পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বহিষ্কাৰ ইমৰাণ খান

author img

By

Published : Apr 10, 2022, 8:34 AM IST

নেচনেল এচেম্বলীৰ 342 জনীয়া সদনৰ 174 জন সদস্যই প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে ভোটদান কৰে (Imran Khan loses no-confidence vote) । ইমৰাণ খানৰ চৰকাৰৰ পতনৰ পাছত বিৰোধী দল পাকিস্তান মুছলিম লীগ-নাৱাজৰ নেতা শ্বেহবাজ শ্বৰীফ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে ৷

Pakistan political crisis
পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বহিষ্কাৰ ইমৰান খান

ইণ্টাৰনেছনেল ডেস্ক, 10 এপ্ৰিল : অৱশেষত পাকিস্তানৰ পতন ঘটিল ইমৰাণ খানৰ নেতৃত্বাধীন চৰকাৰৰ । নেচনেল এচেম্বলীত অনাস্থা প্ৰস্তাৱৰ ভোটদানত ইমৰাণৰ বিৰুদ্ধে 174 টা ভোট লাভ কৰা হৈছিল(Imran Khan loses no-confidence vote) । পিএমএল-এনৰ সাংসদ আয়াজ চাদিকে অধ্যক্ষ পদ গ্ৰহণৰ পাছত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদান অনুষ্ঠিত হৈছিল । ভোটদানৰ সময়ত, ইমৰান খান তথা তেহৰিক-ই-ইনচাফ দলৰ সাংসদসকল সদনৰ পৰা ওলাই যায়(Pakistan Tehreek-e-Insaf party walked out of the house) । ইয়াৰ পূৰ্বে নেচনেল এচেম্বলীৰ অধ্যক্ষ আছাদ কাইজাৰ আৰু উপাধ্যক্ষ কাছিম চুৰীয়ে পদত্যাগ কৰে ।

বিৰোধী দলসমূহৰ মিত্ৰজোঁটে ২৮ মাৰ্চত নেচনেল এচেম্বলীত ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উপস্থাপন কৰে । ইয়াৰ পাছত ৩ এপ্ৰিলত নেচনেল এচেম্বলীৰ উপাধ্যক্ষই পাকিস্তান চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰত বিদেশী হাত জড়িত থকাৰ অভিযোগত অনাস্থা প্ৰস্তাৱ নাকচ কৰে । পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে(Supreme Court of Pakistan) বৃহস্পতিবাৰে উপাধ্যক্ষৰ এই কাৰ্যক দেশৰ সংবিধানৰ উলংঘন বুলি ঘোষণা কৰে ।

Pakistan political crisis
ইমৰান খান

শীৰ্ষ ন্যায়ালয়ে নেচনেল এচেম্বলীক শনিবাৰে সদনৰ অধিৱেশন আহ্বান কৰিবলৈ আৰু অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদান কৰিবলৈ নিৰ্দেশ দিয়ে । এই অনুসৰি শনিবাৰে অনুষ্ঠিত হোৱা অনাস্থা প্ৰস্তাৱৰ ভোটদানৰ সময়ত নেচনেল এচেম্বলীৰ 342 জনীয়া সদনৰ 174 জন সদস্যই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ভোটদান কৰে(Imran Khan-led Govt Falls in Pakistan) । প্ৰক্ৰিয়া অনুসৰি, সদনে অনাস্থা প্ৰস্তাৱৰ ফলাফল দেশৰ ৰাষ্ট্ৰপতিলৈ অনুমোদন আৰু নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অনুমতিৰ বাবে প্ৰেৰণ কৰিব ।

লগতে পঢ়ক : পাকিস্তান হ’ব পাৰে আমেৰিকা আৰু ৰাছিয়া-চীন জোঁটৰ পৰৱৰ্তী যুদ্ধক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.