পাকিস্তান হ’ব পাৰে আমেৰিকা আৰু ৰাছিয়া-চীন জোঁটৰ পৰৱৰ্তী যুদ্ধক্ষেত্ৰ

author img

By

Published : Apr 7, 2022, 3:25 PM IST

Updated : Apr 7, 2022, 3:33 PM IST

Pakistan next battleground for rival world powers

ইউক্ৰেইন-ৰাছিয়াৰ পূৰ্ণ সংঘৰ্ষ (Russia Ukraine war) চলি থকা সময়তে দেখা গৈছে যে পাকিস্তান আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া-চীন জোঁটৰ সংঘৰ্ষৰ পৰৱৰ্তী যুদ্ধক্ষেত্ৰ হোৱাৰ দিশে আগবাঢ়িছে ৷ আমেৰিকা আৰু ৰাছিয়া-চীন জোঁটৰ মাজৰ শত্ৰুতা প্ৰতিপন্ন কৰিবলৈ এক গোলকীয় যুদ্ধক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে পাকিস্তানক ৷ পঢ়ক নতুন দিল্লীৰ পৰা সঞ্জীৱ কুমাৰ বৰুৱাৰ ৰিপ’ৰ্ট ৷

নতুন দিল্লী, 7 এপ্ৰিল : পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাই দেশখনত চলি থকা ৰাজনৈতিক আধিপত্যৰ যুঁজখনক সম্পূৰ্ণৰূপে নিজৰফালে ত্বৰান্বিত কৰিবলৈ সক্ষম হোৱা দেখা গৈছে ৷ দেশখনৰ অতি প্ৰভাৱশালী সেনায়ো প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

দেশখনত শেহতীয়াকৈ পৰিলক্ষিত হোৱা চৰকাৰ আৰু সামৰিক বাহিনীৰ মাজৰ দূৰত্ব নজিৰবিহীন ৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধক লৈ যেতিয়া পাকিস্তানৰ সামৰিক বাহিনীয়ে আমেৰিকাৰ ওচৰ চাপিবলৈ চেষ্টা কৰা দেখা গৈছে, সেই সময়তে প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৰাছিয়া-চীন জোঁটৰ পক্ষ লোৱা পৰিলক্ষিত হৈছে ৷

যোৱা ২ এপ্ৰিল (শনিবাৰে) ইছলামাবাদ নিৰাপত্তা ডাইলগত প্ৰদান কৰা তেওঁৰ ভাষণৰ পিছত এক প্ৰশ্নৰ উত্তৰত জেনেৰেল বাজৱাই কয় : "আমি শিবিৰৰ ৰাজনীতিৰ বিৰোধী ৷ আমেৰিকাৰ সৈতে আমাৰ সম্পৰ্ক ঐতিহাসিকভাৱেই যথেষ্ট ভাল । আজি আমাৰ ওচৰত থকা সুদক্ষ সৈন্যবাহিনী আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা বহুলভাৱে প্ৰশিক্ষণ প্ৰাপ্ত । আমাৰ ওচৰত থকা সৰ্বশ্ৰেষ্ঠ সামৰিক আহিলাসমূহো প্ৰকৃততে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা নিৰ্মিত" ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ঐতিহাসিক সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয় : "আমি দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিত্ৰ হৈ আছোঁ ৷ আমি SEATO, CENTO আৰু বাগদাদ চুক্তিৰো অংশ ৷ আমি ভিয়েটনামত আপোনালোকক সমৰ্থন কৰিছিলোঁ ৷ আনকি পূৰ্বৰ ছোভিয়েট ইউনিয়ন পতনৰ সময়তো আপোনালোকৰ অংশীদাৰ । আমি এই বন্ধুত্বৰ বহু মূল্য পৰিশোধ কৰিছে, কিন্তু আপোনালোকে আমাৰ বাবে কি কৰিছে ?"

মন কৰিবলগীয়া যে, পাকিস্তানে ২০০১ চনৰ ৯/১১ ৰ ঘটনা আৰু তাৰ পিছত সংঘটিত ঘটনাৰ সৈতে তিক্ততা আৰম্ভ হোৱাৰ আগতে কেইবা দশক ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিকটতম বন্ধু ৰাষ্ট্ৰ আছিল আৰু যথেষ্ট ভাল কৌশলগত তথা সামৰিক সম্পৰ্ক ৰক্ষা কৰি আহিছিল । অৱশ্যে ৯/১১ৰ ঘটনাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ সৈতে সম্পৰ্ক সুগভীৰ কৰি আগবাঢ়িছিল আৰু চীনে চাইনা-পাকিস্তান ইক’নমিক কৰিডৰ (CPEC)ৰ জৰিয়তে পাকিস্তানত যথেষ্ট বিনিয়োগ কৰিছিল আৰু সম্পৰ্কও গাঢ় কৰিছিল ৷

আনহাতে, সেই একেখন ইছলামাবাদ নিৰাপত্তা ডাইলগতেই প্ৰধানমন্ত্ৰী ইমৰাণ খানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহকাৰী সচিব (মধ্য আৰু দক্ষিণ এছিয়াৰ বাবে) ড’নাল্ড লুকক পাকিস্তানত থকা খানৰ চৰকাৰ উৎখাত কৰাৰ 'বিদেশী ষড়যন্ত্ৰ'ত জড়িত ব্যক্তি হিচাপে অভিহিত কৰিছিল ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৰাষ্ট্ৰ বিভাগে কিন্তু খানৰ অভিযোগ অস্বীকাৰ কৰিছে আৰু কৈছে যে খানৰ এই অভিযোগৰ কোনো সত্যতা নাই ।

খান আৰু জেনেৰেল বাজৱাৰ মাজৰ এই সংঘৰ্ষ প্ৰকৃততে আৰম্ভণিৰে পৰাই দেশখনত গণতান্ত্ৰিক প্ৰমূল্যক গভীৰভাৱে শিপাবলৈ নিদিয়াৰ ফলত সৃষ্ট হোৱা এক গভীৰ দুৰ্দশা আৰু এক মুখ্য কাৰণ ৷ যাৰ বাবে বিভিন্ন শক্তিশালী দেশবোৰে তেওঁলোকৰ মাজৰ প্ৰতিদ্বন্দ্বিতাত লিপ্ত হোৱাৰ বাবে পাকিস্তানক এক উৰ্বৰ ভূমি হিচাপে বিচাৰি পায় ৷

পাকিস্তানৰ সমাজ ব্যৱস্থা কেইবাটাও ভাগত বিভক্ত ৷ যাৰ ভিতৰত পাঞ্জাৱী, পাঠান, বেলুচ, সিন্ধি আৰু মোহাজিৰ হৈছে মুখ্য জাতিগত গোট আৰু পাকিস্তানী সামৰিক বাহিনীত অত্যধিক পাঞ্জাৱীৰ আধিপত্য থকাটোৱেই হ’ল এই গোটসমূহৰ মাজৰ বিবাদৰ এক মুখ্য কাৰণ ।

এই পটভূমিত পাকিস্তানত প্ৰচলিত গণতন্ত্ৰ দুটা কাৰকৰ দ্বাৰা নিয়ন্ত্ৰিত হয় - এটা হৈছে সেনা আৰু আনটো হৈছে দেশখনৰ জমিদাৰসকলৰ ধনী আৰু শক্তিশালী পৰিয়ালসমূহ, যাক 'বিৰাদাৰী' বুলি অভিহিত কৰা হয় । এজন সাধাৰণ পাকিস্তানী আৰু দেশৰ মাজৰ সম্পৰ্কটোও বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে এই বিৰাদৰীসকলে । তেওঁলোকে আনকি নিৰ্বাচনত কোন দলক ভোট দিব, সেই সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

পাকিস্তানৰ অস্তিত্বৰ এতিয়ালৈকে ৭৫ বছৰত, সেনাই প্ৰায় ৩৩ বছৰ দেশখন শাসন কৰিছে ৷ আনহাতে ১৯ জন প্ৰধানমন্ত্ৰীৰ এজনেও এতিয়ালৈকে নিজৰ এটাও কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই ৷ যিয়ে দেশখনৰ প্ৰচলিত গণতান্ত্ৰিক প্ৰমূল্য সম্পৰ্কে সঘনাই প্ৰশ্ন উত্থাপন কৰে ৷

পাকিস্তানত প্ৰকৃত গণতন্ত্ৰলৈ প্ৰত্যাৱৰ্তনৰ নিৰন্তৰ প্ৰয়াস সদায়েই এক বিফলতাৰে ভৰা কাহিনী হৈ আহিছে ৷ দেওবাৰে (৩ এপ্ৰিল) ই পুনৰ বিফল হয় যেতিয়া প্ৰধানমন্ত্ৰী ইমৰাণ খানে সদন ভংগ কৰি নেচনেল এছেম্বলীত তেওঁৰ বিৰুদ্ধে অনা এক অনাস্থা প্ৰস্তাৱ অগ্ৰাহ্য কৰে ।

পাকিস্তানৰ সদনৰ উপাধ্যক্ষ কাছিম চুৰীয়ে সোমবাৰে বিদেশী শক্তিয়ে পাকিস্তানত শাসন পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰি থকাৰ অভিযোগৰ ভিত্তিত অনাস্থা প্ৰস্তাৱ খাৰিজ কৰে । এতিয়া চৰকাৰৰ কাৰ্যৰ বৈধতা চোৱাটো নিৰ্ভৰ কৰিছে একমাত্ৰ দেশৰ ন্যায়পালিকাৰ ওপৰত ৷

লগতে চাওক: সংসদৰ অধ্যক্ষই অনাস্থা প্ৰস্তাৱ নাকচ কৰিব নোৱাৰে : পাকিস্তানৰ মুখ্য ন্যায়াধীশ

Last Updated :Apr 7, 2022, 3:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.