ETV Bharat / state

আকৌ কলং ব'ব, শেষ হোৱাৰ পথত উজ্জীৱিত কলং প্ৰকল্পৰ কাম - Rejuvenation Of Kalang River

Keshab Mahanta On Kalang River: এই বাৰিষাত কলং বোঁৱতী নদী হ'ব । ১৩৫ কোটি টকাৰ আঁচনিত আৱণ্টিত ধনেৰে উজ্জীৱিত কলং প্ৰকল্পৰ কাম শেষ হোৱাৰ পথত । বোঁৱতী কলঙৰ সপোন বাস্তবায়িত হোৱাৰ সন্ধিক্ষণত উৎফুল্লিত কলিয়াবৰীয়া ৰাইজ ।

Work on the Rejuvenation Of Kalang River project is on the verge of completion
উজ্জীৱিত কলং প্ৰকল্পৰ কাম শেষ হোৱাৰ পথত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 26, 2024 at 12:39 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ, ২৬ মে': কলিয়াবৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ পথত । কলঙৰ বুকুৱেদি লুইতৰ পানী ব'ব । এই সন্দৰ্ভত এসময়ৰ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বোঁৱতী কলঙৰ সম্ভাৱনীয়তাৰ বিষয়ে মত প্ৰকাশ কৰিছে । জলসম্পদ বিভাগৰ মন্ত্ৰী হৈ থকাৰ দিনতে কলঙক বোৱাই নিয়াৰ বা শ্লুইছ গে'ট নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । এতিয়া এই কাম প্ৰায় সমাপ্তিৰ পথত ।

উজ্জীৱিত কলং প্ৰকল্পৰ কাম শেষ হোৱাৰ পথত (ETV Bharat Assam)

বৰ্তমানৰ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই কয়, "কলঙৰ সন্মুখৰ কাম প্ৰায়খিনিয়েই হৈছে । ব্ৰহ্মপুত্ৰৰ লগত শ্লুইছ গে'টলৈকে নলা খান্দি কলঙক সংযোগ কৰাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । শ্লুইছ গেটৰ কামো সম্পূৰ্ণ হৈছে । এতিয়া কলং সুঁতিৰ খননৰ কাম চলি আছে । যিহেতু ড্ৰেজাৰেৰে খান্দিছে খৰতকীয়াকৈ হ'ব । গতিকে, এই বাৰিষাত কলং বোঁৱতী হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ।"

আনহাতে, বোঁৱতী কলঙৰ সপোন বাস্তবায়িত হোৱাৰ সন্ধিক্ষণত কলিয়াবৰীয়া ৰাইজো উৎফুল্লিত হৈ পৰিছে । উল্লেখ্য যে, ১৯৬৪ চনতে কলিয়াবৰৰ হাতীমূৰাত বান্ধ দিয়াৰ ফলত মৰাসুঁতিত পৰিণত হৈছিল কলং সুঁতি ৷ এই সুঁতি ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই নগাঁও জিলাৰ মাজেৰে বৈ গৈ পুনৰ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ । ১৯৬৪ চনত নগাঁও নগৰক কলঙৰ বানৰ পৰা ৰক্ষা কৰিবলৈ কলঙৰ মুখত মথাউৰি নিৰ্মাণেৰে এখন জীৱিত নদীক হত‍্যা কৰা হৈছিল ।

পিচৰ বছৰেই এই মথাউৰিটো ভাঙি নিয়াত পুণৰ নিৰ্মাণ কৰা মথাউৰিটো ১৯৭৩ চনত ব্ৰহ্মপুত্ৰই খহাই লৈ যায় । সেই সময়তে কলঙক বোৱাই নিবলৈ এক প্ৰচেষ্টা আৰম্ভ হৈছিল । সেয়ে ১৯৭৪ চনত ১৪৪ ধাৰা বলৱৎ কৰিহে বৰ্তমানৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি চৰকাৰে নিৰ্মাণ কৰিবলগীয়া হৈছিল । সমান্তৰালকৈ এটা পক্ষই কলংখনক বোৱাই নিয়াৰ বাবে এক নীৰৱ চেষ্টা চলাই আহিছে ।

লগতে পঢ়ক: কলং উজ্জীৱিতকৰণ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পথত: পীযুষ হাজৰীকা

কলঙক লৈ আজিও নিৰ্বিকাৰ বিভাগীয় মন্ত্ৰী-বিষয়া