কলঙক লৈ আজিও নিৰ্বিকাৰ বিভাগীয় মন্ত্ৰী-বিষয়া

author img

By

Published : Sep 25, 2022, 7:29 PM IST

Departmental Ministers careless about Kalang river

আজি বিশ্ব নদী দিৱস(World Rivers Day) ৷ সুদীৰ্ঘ দিন বন্ধ হৈ থকা কলং বোৱাই নিয়াৰ পৰিকল্পনা অনতি পলমে কাৰ্য‍কৰী হোৱাৰ কথা আছিল যদিও লেহেমীয়া গতিত চলিছে কলং উজ্জীৱিত আঁচনিৰ কাম ৷ ১৯৬৪ চনতে কলিয়াবৰৰ হাতীমূৰাত বান্ধ দিয়াৰ ফলত মৰা সুঁতিত পৰিণত হোৱা কলং সুঁতিৰ আজি কি অৱস্থা ? বিশ্ব নদী দিৱসত মৃত কলং বোৱতী কলং কৰাৰ আশ্বাস পূৰণৰ বাবে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই বাস্তৱসন্মত কোনো পদক্ষেপ গ্ৰহণ কৰিছেনে ?

নগাওঁ,25 ছেপ্টেম্বৰ: নদীকেন্দ্ৰিক সভ্যতা অতি প্ৰাচীন কালৰে পৰা চলি আহিছে ৷ বিশ্বৰ ভিন্ন এলেকাত গঢ়ি উঠা নদীকেন্দ্ৰীক সভ্যতা বহুতৰে মাজত পৰিচিত ৷ অসম এখন নদীমাতৃক দেশ । ব্ৰহ্মপুত্ৰ-বৰাককে ধৰি অসমত বহুকেইখন উপ নদীৰ সমাহাৰে অসমৰ প্ৰাকৃতিক আৰু ভৌগলিক ৰূপ বিনন্দীয়া কৰি তুলিছে ।

বিশ্ব নদী দিৱস প্ৰতিবছৰে ছেপ্তেম্বৰ মাহৰ চতুৰ্থটো দেওবাৰে পালন কৰা হয় ৷ এই দিনটোৰ উদ্দেশ্য হৈছে বিশ্বৰ নদীসমূহৰ উন্নত পৰিচালনাক উৎসাহিত কৰা আৰু মানৱতাৰ জীৱিকা আৰু পৃথিৱীৰ অন্যান্য জীৱন ধাৰণত তেওঁলোকে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে সকলোকে অৱগত কৰা (World Rivers Day) ।

কিন্তু বিশ্বৰ নদীসমূহ বৰ্তমান হৈছে ভয়ংকৰভাৱে প্ৰদূষিত ৷ ব্যতিক্ৰম ঘটা নাই অসমৰ নদীসমূহৰ ক্ষেত্ৰতো । অসমৰ অন্যতম এটি নদী কলঙৰ অৱস্থা এতিয়া মৃতপ্ৰায় ৷ কলিয়াবৰৰ হাতীমূৰাৰ আৰিকাটি মুখেৰে ওলাই অহা কলং সুঁতি এতিয়া মৃত । বিগত সময়ছোৱাত কলঙক পুনৰ বোৱাই নিয়াৰ প্ৰকল্পৰ শুভাৰম্ভণী কৰিছিল তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই(Minister Keshab Mahanta) ।

বোৱাই নিয়াৰ বাবে শ্লুইছ গেইটৰ নিৰ্মাণ কাৰ্য বিভাগীয় হেমাহি আৰু ঠিকাদাৰৰ অকৰ্মণ্যতাৰ বাবে নিৰ্মাণ কাৰ্য‍ আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল ৷ তদুপৰি ইয়াৰ কোনো সুদত্তৰ নাই সংশ্লিষ্ট বিভাগৰ হাতত ।

কলঙক লৈ আজিও নিৰ্বিকাৰ বিভাগীয় মন্ত্ৰী-বিষয়া

বিভাগীয় মন্ত্ৰী-বিষয়াসকল বিষয়টো সন্দৰ্ভত সম্পূৰ্ণ নিৰুদ্বেগ হ'লেও স্থানীয় ৰাইজ বিষয়টো সন্দৰ্ভত চিন্তিত ৷ শিক্ষক তথা পৰিৱেশ কৰ্মী ভূপেন শৰ্মাই জনোৱা অনুসৰি শ্লুইছ গেট নিৰ্মাণৰ এনে লেহেমীয়া গতি চলি থকাৰ সময়তে সেই পৰিস্থিতি নিৰীক্ষণৰ বাবে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈছিল কলিয়াবৰৰ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰিৰ কলংমুখত(Minister Pijush Hazarika) ।

য'ত কলঙক পুনৰ বোৱতীক্ষম কৰাৰ বাবে নিৰ্মীয়মাণ অৱস্থাত আছে এখন শ্লুইছ গে'ট । সংশ্লিষ্ট কামৰ অগ্ৰগতিৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যৰে ইতিমধ্যে পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে বিভাগীয় বিষয়াসকলেও নিৰ্মাণ প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে মিলিত হৈছিল । জলসম্পদ বিভাগৰ নতুন মন্ত্ৰীগৰাকীয়ে ‘‘কেশৱদাই কামটো আৰম্ভ কৰিছিল, মই কামটো শেষ কৰিম । কল‌ং সকলোৰে আত্মাত আছে । কিন্তু এটা সময়ত কলংখন বন্ধ কৰি দিয়া হৈছিল। হয়তো সেই সময়ৰ বিশেষ প্ৰয়োজনত এই প্ৰকৃতি বিৰোধী কামটো কৰা হৈছিল । কিন্তু কোনো সভ‍্য জাতিয়ে বোৱঁতী নৈ এখন বন্ধ নকৰে’’ বুলি জলসম্পদ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল ।

বিগত চৰকাৰৰ দিনত আৰম্ভ হোৱা 'স্বাক্ষৰ প্ৰকল্প'টো অনতিপলমে সম্পূৰ্ণ কৰি কলংখনক পুণৰ উজ্জীৱিত কৰিবলৈ জলসম্পদ মন্ত্ৰীৰূপে কৃপণালি নকৰে বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছিল । লগতে ৰহা, জাগীৰোড, মৰিগাঁও সমষ্টিৰ অন্তৰ্গত কলঙৰ গৰাখহনীয়া ৰোধৰ বাবেও কৰিবলগীয়া কাম আছে, সেই কাম খৰালি অতি কম দিনৰ ভিতৰত কৰিব লাগিব । কলঙৰ মুখৰ শ্লুইছ গে'টৰ কাম খৰতকীয়াকৈ কৰাৰ ক্ষেত্ৰত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাত কিছু লেহেম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

১৩৫ কোটি টকাৰ এই আঁচনিত আৱণ্টিত ধনৰ পৰিমাণ কিছু বৃদ্ধি হৈছে । এই ক্ষেত্ৰত সমাগত বাজেটত এই ধনৰ আৱণ্টন কৰিব পৰা যাব । যিহেতু জলসম্পদ বিভাগে বছৰতটোত কাম কৰিবলৈ মাত্ৰ চাৰি মাহ সময়হে পায়, সেয়ে এই শ্লুইছ গে'ট নিৰ্মাণৰ প্ৰকল্পটো আগন্তুক দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিভাগে যত্ন কৰিব বুলি জলসম্পদ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছিল ।

শ্লুইছ গেটস্থলীৰ পৰা কলঙৰ বুকুৰ কিছু অংশ পৰিস্কাৰ কৰাৰ লগতে খননো কৰিছিল । এতিয়া পুনৰ খনন চলি আছে । কিন্তু শ্লুইছ গে'টৰ কাম বন্ধ হৈয়ে পৰি আছে । উল্লেখ‍্য যে, ১৯৬৪ চনতে কলিয়াবৰৰ হাতীমূৰাত বান্ধ দিয়াৰ ফলত মৰা সুঁতিত পৰিণত হৈছিল কলং সুঁতি ৷ এই সুঁতি ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই নগাঁও জিলাৰ মাজেৰে বৈ গৈ পুনৰ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ (Brahmaputra river)। ১৯৬৪ চনত নগাঁও নগৰক কলঙৰ বানৰ পৰা ৰক্ষা কৰিবলৈ কলঙৰ মুখত মথাউৰি নিৰ্মাণেৰে এখন জীৱিত নদীক হত‍্যা কৰা হৈছিল ।

পৰৱৰ্তী বছৰেই এই মথাউৰিটো ভাঙি দিয়াত পুণৰ নিৰ্মাণ কৰা মথাউৰিটো ১৯৭৩ চনত ব্ৰহ্মপুত্ৰই খহাই লৈ যায় । সেই সময়তে কলঙক বোৱাই নিবলৈ এক প্ৰচেষ্টা আৰম্ভ হৈছিল । সেয়ে ১৯৭৪ চনত ১৪৪ ধাৰা বলৱৎ কৰিহে বৰ্তমানৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি চৰকাৰে নিৰ্মাণ কৰিবলগীয়া হৈছিল । সমান্তৰালকৈ এটা পক্ষই কলংখনক বোৱাই নিয়াৰ বাবে এক নীৰৱ চেষ্টা চলাই আছে ।

লগতে পঢ়ক: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আকৌ খহিছে দেৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.