নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আকৌ খহিছে দেৱাল

By

Published : Sep 25, 2022, 4:15 PM IST

thumbnail

পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিছে আতংক (Lower Subansiri hydropower project) ৷ ইটোৰ পিছত সিটো অঘটনে লগ এৰা নাই গেৰুকামুখস্থিত দুহেজাৰ মেগাৱাট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক ৷ ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা (Landslide at Subansiri hydroelectric project site) ৷ শনিবাৰে নিশা খহিল মূল বান্ধৰ কাষৰ দেৱাল । যাৰ ফলত যিকোনো মূহুৰ্ততে পাৱাৰ হাউজলৈ কঢ়িয়াই আনিব পাৰে ভয়ংকৰ বিপদ । পাৱাৰ হাউচ সম্পন্ন কৰিবলৈ নিৰ্মাণ কৰি লৈছিল প্ৰটেকশ্বন ৱাল । কিন্তু এই প্ৰটেকশ্বন ৱালতে সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ তথ্য অনুসৰি, বাওঁ পাৰত সংঘটিত হৈছে এই অঘটনটো । ফলত ২ নং টাৰনেলৰ ওপৰৰ এটা বৃহৎ অংশ ভাঙি পৰাৰ তথ্য অহি পৰিছে ইটিভি ভাৰতৰ হাতত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.