বঙাইগাঁৱত চুৰি গৰু বজাৰলৈ বিক্ৰীৰ বাবে আনোতেই ৰাইজে সোধালে উত্তম-মধ্য়ম - Cattle smuggling in Assam

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:29 PM IST

thumbnail

বঙাইগাঁও, ২৯ এপ্ৰিল : ৰাজ্য়ত সক্ৰিয় গৰু চোৰ চক্ৰ । বঙাইগাঁও-ধুবুৰী জিলাৰ সীমান্ততো গৰু চোৰৰ আতংক অব্য়াহত আছে । ইয়াৰ মাজতেই শালবাৰী মালিপাৰাৰ ৰাজু বৰ্মন নামৰ লোকজনে আজি গৰু চুৰি কৰি বজালৈ বিক্ৰীৰ বাবে আনি থকা অৱস্থাত ৰাইজে হাতে-লোটে কৰায়ত্ত কৰে । পিচত ৰাইজে ধৰি উত্তম-মধ্য়ম সোধাই চোৰটোক চাপৰ আৰক্ষীক গতাই দিলে । বেছিমাৰীৰ পৱিত্ৰ সৰকাৰৰ বাসগৃহৰ পৰা ৰাজু বৰ্মনে যোৱা নিশা চুৰ কৰে এটা গৰু । 

ইয়াৰ পিচতে চাপৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গৰু চোৰটোক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি কৰা গৰুটো উদ্ধাৰ কৰি চাপৰ আৰক্ষী থানালৈ আনে । পিছত চাপৰ আৰক্ষীয়ে গৰু চোৰটোৰ লগতে উদ্ধাৰ কৰা গৰুটো বইটামাৰী আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক:গৰু চোৰৰ তাণ্ডৱ: নিশা হ’লেই নাইকিয়া হয় এটাৰ পিচত আনটো গৰু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.