ৰাজ্যৰ কিছু কিছু অঞ্চলত আগন্তুক পাঁচ দিনলৈ ধুমুহা-বতাহৰ সম্ভৱনা - WEATHER FORECAST FOR ASSAM

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:25 PM IST

thumbnail

মিৰ্জা, 29 এপ্ৰিল : ৰাজ্যত পুনৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে জনোৱা অনুসৰি, ৰাজ্যৰ কিছু কিছু অঞ্চলত আগন্তুক পাঁচ দিনলৈ ধুমুহা বতাহৰ অহাৰ সম্ভাৱনা আছে । সাগৰপৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত পাঁচদিন ধৰি ধুমুহা অহাৰ লগতে বৰষুণৰ প্ৰভাৱ পৰিব । 

লগতে অহা 24 ঘণ্টাৰ ভিতৰত অসমৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু ঠাইত 40/50 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ লগতে বিজুলী ঢেৰেকনিৰো সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞানীয়ে । তাৰ মাজতে আগন্তুক পাঁচ দিনলৈ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত বিভিন্ন স্থানত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে বুলিও জানিবলৈ দিয়ে  ৷ 

ঠিক তেনেদৰে অহা 30 এপ্ৰিলৰ পৰা অহা 3 মে’ লৈ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু কিছু ঠাইত 40/50 কিলোমিটাৰ গতিবেগত ধুমুহাৰ লগতে বিজুলী ঢেৰেকনিৰ আগজাননী সদৰী কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে  ৷

লগতে পঢ়ক: বতৰে বিধি-পথালি দিব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ! - ASSAM ne Weather report

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.