ETV Bharat / state

বতৰে বিধি-পথালি দিব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ! - ASSAM ne Weather report

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 12:21 PM IST

5 days weather forecast for ASSAM NE by regional meteorological centre guwahati
প্ৰতিকূল বতৰে বিধি পথালি দিয়াৰ সম্ভাৱনা সমাগত লোকসভা নিৰ্বাচনত

Weather report: আগন্তুক 4 দিনলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান ৰাজ্যৰ কিছু স্থানত ধুমুহাৰ উপৰিও বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা অনাগত 4 দিনত ।

প্ৰতিকূল বতৰে বিধি পথালি দিয়াৰ সম্ভাৱনা সমাগত লোকসভা নিৰ্বাচনত

গুৱাহাটী, 17 এপ্ৰিল: প্ৰতিকূল বতৰে বিধি পথালি দিয়াৰ সম্ভাৱনা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 4 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে । উল্লেখ্য যে, ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী বতাহ ৷ 19 এপ্ৰিলত ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, লখিমপুৰ আৰু শোণিতপুৰ লোকসভা সমষ্টিত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ উক্ত দিনা প্ৰৱল বৰষুণে ভোটগ্ৰহণৰ ক্ষেত্ৰত বিধি-পথালি দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

সাগৰপৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।আজি অৰ্থাৎ 17 এপ্ৰিল বুধবাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান ৰাজ্যৰ কিছু স্থানত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহাৰ উপৰিও বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভৱনা আছে । সমান্তৰালভাবে, অহা 18 এপ্ৰিল বৃহস্পতিবাৰ আৰু 19 এপ্ৰিল শুকুৰবাৰে অৰ্থাৎ ভোটগ্ৰহণৰ দিনা ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ কিছু অংশত ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে ।

আনহাতে 20 এপ্ৰিলত অসম-মেঘালয়ৰ কিছু কিছু ঠাইত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ লগতে বিজুলী-ঢেৰেকনিৰ সৈতে ধাৰাসাৰ বৰষুণৰ অহাৰ সম্ভাৱনা আছে । কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ অইন ৰাজ্যকেইখনত ধুমুহা নাহে যদিও 20 এপ্ৰিলৰ দিনাখন অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত বিজুলী-ঢেৰেকনিৰ সৈতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এই আগজাননী সদৰী কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

লগতে পঢ়ক: মেঘে ওন্দোলাই আনিছে ব’হাগৰ আকাশ; বিজুলী-ঢেৰেকনিৰে বৰষুণৰ সম্ভাৱনা - Assam Weather forecast

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.