ETV Bharat / state

মেঘে ওন্দোলাই আনিছে ব’হাগৰ আকাশ; বিজুলী-ঢেৰেকনিৰে বৰষুণৰ সম্ভাৱনা - Assam Weather forecast

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 11:14 AM IST

weather-forecast-by-regional-meteorological-centre-guwahati
মেঘে ওন্দোলাই আনিছে ব’হাগৰ আকাশ; বিজুলী-ধেৰেকণিৰে বৰষুণৰ সম্ভাৱনা

Weather report : ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণ ৷ ব’হাগ বিহুৰ বতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে ৷

গুৱাহাটী, 16 এপ্ৰিল: হঠাতে ক’লা হৈ পৰিল ব’হাগৰ আকাশ ৷ বিজুলী-ঢেৰেকনিৰে ৰাজ্যত আজি অহা বৰষুণে অন্ধাকাৰাচ্ছন্ন কৰি তুলিছে অসমৰ আকাশ । ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এক বিবৃতিযোগে বিগত 15 এপ্ৰিলৰ পৰা অহা 18 এপ্ৰিললৈ অসমত প্ৰতিকূল বতৰৰ পৰিস্থিতি সন্দৰ্ভত সতৰ্কবাণী প্ৰকাশ কৰিছে ।

উত্তৰ বাংলাদেশ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ওপৰত ঘূৰ্ণীবতাহৰ আগমনৰ ফলত ৰাজ্যখনত বেয়া বতৰৰ সৃষ্টি হোৱাৰ আশংকা থকাৰ কথা ব্যক্ত কৰে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ( আৰএমচি) ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সময়ছোৱাত অসমত ধুমুহা, বজ্ৰপাত, ধুমুহা-বতাহ আৰু পাতলীয়াৰ পৰা প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনাৰ লগতে 16 আৰু 17 এপ্ৰিলত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে বুলি জনায় ।

সেই অনুসৰি অসমৰ ভালেমান অঞ্চলত 16 এপ্ৰিলত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা ঘোষণা কৰিছিল ৷ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰাৰ দৰেই গোৱালপাৰা, বঙাইগাঁও, দৰং, ওদালগুৰিকে ধৰি জিলাৰ অঞ্চল বিশেষে বৰষুণ হোৱা দেখা গৈছে মঙলবাৰৰ দিনটোত ৷ একেদৰে কামৰূপ গ্ৰাম্য আৰু কামৰূপ মহানগৰ জিলাতো পুৱাৰে পৰা আজি বতৰ অন্ধকাৰাচ্ছন্ন হোৱাৰ লগতে বিজুলী-ঢেৰেকনিও দেখা গৈছে ।

আনহাতে বৃহস্পতিবাৰেও ৰাজ্যৰ বহু অঞ্চলত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা সদৰী কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । এই অনুসৰি গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, বিশ্বনাথ, মাজুলী, ডিব্ৰুগড় আদি জিলাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ।

বিভিন্ন স্থানত ধুমুহা, বিজুলী আৰু ঢেৰেকনিৰে সৈতে বৰষুণ অহাৰ সম্ভাৱনা আছে । সেইদৰে 18 এপ্ৰিলত যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, আৰু তিনিচুকীয়া আদি জিলাতো ধুমুহা আৰু বজ্ৰপাতৰ লগতে বহু অঞ্চলত পাতলীয়া আৰু মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: 4 এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা: সদৰী কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই - NORTH EAST WEATHER FORECAST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.