4 এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা: সদৰী কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই - NORTH EAST WEATHER FORECAST

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 5:14 PM IST

thumbnail

মিৰ্জা, 1 এপ্ৰিল : ৰাজ্যত পুনৰ হ’ব ধাৰাসাৰ বৰষুণ ৷ ব’হাগ বিহুৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে ৷

সাগৰপৃষ্ঠৰ পৰা ৯.৫ কিলোমিটাৰ ওপৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত সোমবাৰৰ দিনটোত উজনি অসম, নামনি অসম আৰু বৰাক উপত্যকাৰ দুই-এখন জিলাত 40-45 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে ৷ লগতে ৰাজ্যখনৰ কেইখনমান জিলাত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে ৷ 2 আৰু 3 এপ্ৰিলত বৰষুণৰ পৰিমাণ হ্ৰাস পাব যদিও 4 এপ্ৰিলৰ ৰাজ্যৰ কেইবাখনো জিলাত শিলাবৃষ্টিৰ লগতে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

উত্তৰ পূৰ্বাঞ্চলৰ অসম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত বৰষুণ আৰু শিলাবৃষ্টিৰ অত্যাধিক প্ৰভাৱ পৰিব বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ সাগৰপৃষ্ঠৰ পৰা ৯.৫ কিলোমিটাৰ ওপৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত এইকেইটা দিনত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৰষুণ আৰু ধুমুহাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে সদৰী কৰিছে ৷ 

লগতে পঢ়ক : ৰাজ্যজুৰি ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ ; গড়ভাঙা বনাঞ্চলত আৱদ্ধ পৰ্যটক - Rain And Hailstorm In Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.