আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস: ফ্ল'ৰেঞ্চ নাইটিংগেলৰ জন্ম বাৰ্ষিকী উদযাপন - International Nurses Day - INTERNATIONAL NURSES DAY

🎬 Watch Now: Feature Video

thumbnail
আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস: ফ্ল'ৰেঞ্চ নাইটিংগেলৰ জন্ম বাৰ্ষিকী উদযাপন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 13, 2024 at 8:18 AM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ/ টীয়ক, 13 মে’ : আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস ৷ প্ৰতি বছৰে ফ্লৰেন্স নাইটিংগেলৰ জন্মৰ দিনটো অৰ্থাৎ 12 মে’ তাৰিখে পালন কৰা হয় ধাত্ৰী দিৱস ৷ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তটো 12 মে’ তাৰিখে পালন কৰা হয় ধাত্ৰী দিৱস ৷

দেওবাৰে সৰুপথাৰৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগনত ধনশিৰি মহকুমাৰ সকলো স্বাস্থ্যকেন্দ্ৰৰ লগত জড়িত নাৰ্চসকলক সাঙুৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ধাত্ৰী দিৱস । ৰশ্মি ৰেখা বৰাই আঁতধৰা এই অনুষ্ঠানটিত কবিতা আবৃত্তি, সংগীত, বিহু নাচ, ঝুমুৰ নৃত্য আদি প্ৰদৰ্শন কৰা হয় ।

ইফালে টীয়কটো যোৰহাট ইনষ্টিটিউট অফ নাৰ্চিঙৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস উদযাপন কৰা হয় ৷ কমাৰখাটোৱালৰ বিষ্ণু ভূঞা সোঁৱৰণী সুধাকৰ নাট্য মঞ্চত আয়োজিত এই অনুষ্ঠানত টীয়ক হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰী দিপিকা বৰুৱাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে ৷

এই অনুষ্ঠানত কাকজান বাল্য নিকেতনৰ অধ্যক্ষ সুৰেন শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টুনিৰাম ভূঞা,দেৱেন দত্তৰ লগতে ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক পূজা মাঝি দত্ত, সম্পাদক দেৱব্ৰত দত্ত, অধ্যক্ষা পিংকি তামুলীকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তিৰ সহিতে ইনষ্টিটিউটৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।

লগতে পঢ়ক : নলবাৰীত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন - International Nurses Day

ABOUT THE AUTHOR

...view details