নলবাৰীত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন - International Nurses Day

By ETV Bharat Assamese Team

Published : May 12, 2024, 5:03 PM IST

thumbnail
নলবাৰীত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন (ETV Bharat Assam)

নলবাৰী, ১২ মে': আজি আন্তৰ্জাতিক ধাত্ৰী দিৱস । ফ্লৰেঞ্চ নাইটিংগেলৰ জন্ম জয়ন্তী উপলক্ষে আজিৰ দিনটোত সমগ্ৰ বিশ্বতে পালন কৰা হয় আন্তৰ্জাতিক ধাত্ৰী দিৱস । নলবাৰীতো পালন কৰা হয় এই দিৱস । নলবাৰীৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়তো পালন কৰা হৈছে আন্তৰ্জাতিক ধাত্ৰী দিৱস । চিকিৎসালয়খনৰ নাৰ্চসকলে ফ্লৰেঞ্চ নাইটিংগেলক স্মৰণ কৰি তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে । গীত-মাতৰ লগতে এখনি সভা অনুষ্ঠিত কৰি পালন কৰে আন্তৰ্জাতিক ধাত্ৰী দিৱস ।  

আন্তৰ্জাতিক ধাত্ৰী দিৱস উপলক্ষে অনুষ্ঠিত কৰা সভাখনত সভাপতিত্ব কৰে চিকিৎসালয়খনৰ সদ্য অৱসৰপ্ৰাপ্ত চিকিৎসক ডাঃ ৰূপকান্ত বৰ্মনে । লগতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে প্ৰবক্তা আব্দুৰ ৰোফ আৰু চিকিৎসালয়খনৰ জ্যেষ্ঠ ফাৰ্মাচিষ্ট আজিজুৰ ৰহমান । আজিৰ এই দিনটোতে চিকিৎসালয়খনত নাৰ্চৰ অভাৱৰ কথা উল্লেখ কৰে চিকিৎসালয়খনৰ নাৰ্চসকলে । চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণে নাৰ্চ নিযুক্তি দিবলৈ চৰকাৰক আহ্বান জনাই নাৰ্চসকলে । 

লগতে পঢ়ক: কিয় প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন কৰা হয় জানেনে ? - International Nurses Day 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.