ETV Bharat / health

কিয় প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন কৰা হয় জানেনে ? - International Nurses Day 2024

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 12:08 AM IST

International Nurses Day 2024: আজি সমগ্ৰ বিশ্বতে ধাত্ৰী দিৱস পালন কৰা হৈছে । নাৰ্ছসকল তথা ফ্লৰেন্স নাইটিংগেলৰ অৱদানক স্মৰণ কৰি সমগ্ৰ বিশ্বতে আজিৰ দিনটোত বিশ্ব ধাত্ৰী দিৱস বা নাৰ্ছ দিৱস হিচাপে পালন কৰা হয় । ইয়াৰ ইতিহাস তথা তাৎপৰ্য সম্পৰ্কে জানো আহক...

International Nurses Day 2024 date theme Significance and History
আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস কিয় পালন কৰা হয় জানেনে ? (SOURCE: FREEPIK)

সমগ্ৰ বিশ্বতে ১২ মে’ৰ দিনা উদযাপন কৰা হয় বিশ্ব ধাত্ৰী দিৱস বা নাৰ্ছ দিৱস । ধাত্ৰীসকলৰ অৱদানক স্মৰণ আৰু সন্মান জনোৱাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন কৰা হয় । ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন উপলক্ষে এই দিৱস পালন কৰা হয় । জানিব পৰা মতে, যুদ্ধৰ সময়ত আহত ব্ৰিটিছ সৈন্যৰ বাবে তেওঁ ধাত্ৰী হিচাপে কাম কৰিছিল । ইয়াৰ বিষয়ে আৰু বিতংভাৱে জানো আহক-

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস ২০২৪ৰ বিষয়বস্তু

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস ২০২৪ৰ বিষয়বস্তু আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ পৰিষদৰ সভানেত্ৰী ডাঃ পামেলা চিপ্ৰিয়ানোৱে 'The Economic Power of Care' বুলি ঘোষণা কৰে ।

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসৰ ইতিহাস

১৯৫৩ চনত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ স্বাস্থ্য, শিক্ষা আৰু কল্যাণ বিভাগৰ এজন বিষয়াই ধাত্ৰী দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়ায় । বিষয়াগৰাকীৰ নাম আছিল ড’ৰথী চাথাৰলেণ্ড । এই প্ৰস্তাৱত সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডেভিদ ডি আইজেনহাৱাৰে অনুমোদন জনোৱা নাছিল ।

ইয়াৰ পিছত ১৯৬৫ চনত বাৰ আইচিএনে ধাত্ৰী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে ১২ মে’ তাৰিখে ধাত্ৰী দিৱস হিচাপে পালন কৰা হয় । ইয়াৰ পিছত ১৯৭৪ চনৰ পৰা আৰম্ভ হৈছিল এই দিৱস উদযাপন । বিখ্যাত ধাত্ৰী ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস হিচাপে পালন কৰা হয় । ফ্লৰেন্স এগৰাকী ধাত্ৰীৰ লগতে এগৰাকী সমাজ সংস্কাৰকও আছিল । ক্ৰিমিয়া যুদ্ধৰ সময়ত ধাত্ৰী ফ্ল’ৰেন্সে যি ধৰণে কাম কৰিছিল সেয়া সঁচাকৈয়ে প্ৰশংসনীয় আছিল । ৰাতি আহত সৈনিকৰ যত্ন লৈছিল বাবেই তেওঁক The Lady with the Lamp বুলিও জনা গৈছিল । পিচলৈ ফ্লৰেন্স নাইটিংগেলে নাৰ্চিঙক মহিলাৰ পেছালৈ ৰূপান্তৰিত কৰিলে ।

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস কিয় পালন কৰা হয় ?

১২ মে'ত এই দিৱস পালন কৰা হয় । ধাত্ৰী ফ্লৰেন্স নাইটিংগেলৰ অৱদানৰ স্মৃতিত এই দিৱস । তেওঁক নাৰ্চিঙৰ প্ৰতিষ্ঠাপক হিচাপেও গণ্য কৰা হয় । স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত তেওঁ বহুখিনি অৱদান আগবঢ়াইছিল, যাৰ বাবে তেওঁৰ স্মৃতিত প্ৰতি বছৰে ১২ মে’ৰ দিনটোত ধাত্ৰী দিৱস ঘোষণা কৰা হৈছিল ।

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসৰ তাৎপৰ্য

বিশ্বই এতিয়াও কৰ’না মহামাৰীৰ সৈতে যুঁজি আছে । গতিকে এই যুঁজত ধাত্ৰীৰ ভূমিকাক আওকাণ কৰিব নোৱাৰি । চিকিৎসক আৰু অন্যান্য স্বাস্থ্যসেৱা কৰ্মীৰ দৰে নাৰ্চেও ৰোগীক অহৰহ যত্ন লৈ আহিছে । সেয়ে তেওঁলোকক আজিৰ দিনটোত প্ৰত্যেকখন চিকিৎসালয়তে সন্মান জনোৱা উচিত ৷

লগতে পঢ়ক: প্ৰস্তুতকৰ্তা কোম্পানীয়েই বন্ধ কৰিলে ক’ভিশ্বিল্ড, দৰ্শালে কাৰণ - Withdrawal Of Covishield

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.