ডেকাসকলৰ চাকচনিৰ শব্দ, গাভৰুৰ নাচত জীপাল দিঘলীপথাৰৰ ৰাতি বিহু - moran community rati bihu

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 1:56 PM IST

thumbnail

তিনিচুকীয়া, ২৯ এপ্ৰিল : হাতত চাকচনি মাৰি লৈ ৰাতি ওলাই আহিছে দিঘলীপথাৰৰ ডেকা-গাভৰু ৷ লক্ষ্য দিঘলীপথাৰ গাঁৱৰ ৰাজহুৱা খেলপথাৰত হেঁপাহ পলুৱাই নচা ৷ ইফালে ডেকাসকলৰ হাতত চাকচনি মাৰি দেখি ৰ’ৱ পৰা নাই দিঘলীপথাৰৰ সেই গাভৰুকেইজনীও ৷ বতাহ-বৰষুণ আহিলেও মুঠতে খেলপথাৰৰ বন মৰাকৈ নাচিব গাভৰুসকলে ৷

উল্লেখ্য যে, অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে স্বক্ৰিয় নীতি-নিয়ম তথা পৰম্পৰাগতভাৱে বিহু পালন কৰে । মৰাণ জনগোষ্ঠীৰ এক অন্যতম পৰম্পৰা হৈছে ৰাতি বিহু । তিনিচুকীয়া জিলাৰ এখন ভিতৰুৱা গাঁও দিঘলীপথাৰ গাঁৱত দেওবাৰে উৰেনিশা মৰাণ জনগোষ্ঠীয়ে পালন কৰে ৰাতি বিহু ।

দিঘলীপথাৰ জ্ঞানোদয় যুৱ সংঘ আৰু দিঘলীপথাৰ বীৰাংগণা মহিলা সমিতিৰ যৌথ উদ্যোগত দিঘলীপথাৰ গাঁও ৰাজহুৱা খেলপথাৰত আয়োজন কৰা ৰাতি বিহু অনুষ্ঠানলৈ গাঁওখনৰ যুৱতীসকলক ঘৰে-ঘৰে লৈ পিতৃ-মাতৃৰ পৰা খুজি আনি নিয়ম-নীতিৰ মাজেৰে এই ৰাতি বিহু আয়োজন কৰা দেখিবলৈ পোৱা যায় ।

ডেকাসকলৰ চাকচনিৰ শব্দ আৰু গাভৰুৰ বিহু নাচত জীপাল হৈ পৰিল দিঘলীপথাৰ গাঁৱৰ ৰাজহুৱা খেলপথাৰ । প্ৰতিকুল বতৰৰ মাজতো "তৃতীয় বাৰ্ষিক দিঘলীপথাৰ ৰাতি বিহু" অনুষ্ঠানত বিভিন্ন গাঁৱৰ পৰা অগণন লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গ’ল ।

লগতে পঢ়ক : লাই লা হিলালি ঐ: সাত বিহুৰ সামৰণিৰ পিচতে পুনৰ ব’হাগ বিহু - Tiwa Tribe Pisak Domasi

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.